ETV Bharat / state

বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসৰ আশীৰ্বাদত লটাৰী চলাৰ অভিযোগ

author img

By

Published : Aug 19, 2020, 11:02 PM IST

খোদ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপতে অবাধে চলি আছে লটাৰীৰ ৰমৰমীয়া বেহা ৷ বৰপেটা, হাউলী, বৰপেটাৰোডকে ধৰি জিলাখনৰ সৰু বৰ চহৰ সমূহত চলি থকা লটাৰীৰ এই ব্যৱসায় পৰিচালনা কৰে বৰপেটাৰোডৰ আৰু বৰপেটাৰ দুই ব্যৱসায়ীয়ে ৷

lottery running near barpeta sadar police station

বৰপেটা, ১৯ আগষ্ট : দুজনা গুৰুৰ পদৰেণুৰে ৰঞ্জিত সত্ৰনগৰী বৰপেটাৰ পবিত্ৰ ভূমিত অসামাজিক কাৰ্যকলাপ ৷ বৃদ্ধি পাইছে ড্ৰাগছ, মাদক দ্ৰব্যৰ ব্যৱসায় ৷ মুকলিকৈ চলিছে তীৰ, শেষ নম্বৰৰ লটাৰীৰ অবৈধ ব্যৱসায় ৷ চকু মুদা কুলিৰ ভাৱত বৰপেটা আৰক্ষী ৷ নীৰব, নিৰ্বিকাৰ বৰপেটা জিলা প্ৰশাসন ৷ কিদৰে বৰপেটা চহৰৰ মাজমজিয়াত মুকলিকৈ চলি আছে তীৰ, লটাৰীৰ ব্যৱসায় ৷

খোদ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপতে অবাধে চলি আছে লটাৰীৰ ৰমৰমীয়া বেহা ৷ বৰপেটা, হাউলী, বৰপেটাৰোডকে ধৰি জিলাখনৰ সৰু বৰ চহৰ সমূহত চলি থকা লটাৰীৰ এই ব্যৱসায় পৰিচালনা কৰে বৰপেটাৰোডৰ আৰু বৰপেটাৰ দুই ব্যৱসায়ীয়ে ৷ আনকি এই দুই নম্বৰী লটাৰীৰ বেহাৰ ওপৰত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰো আশীৰ্বাদৰ হাত থকাৰ অভিযোগ ৷ স্বয়ং সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰেই তুলিলে এই ভয়ংকৰ অভিযোগ ৷

বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসৰ আশীৰ্বাদত লটাৰী চলাৰ অভিযোগ

সত্ৰনগৰীত চলি থকা লটাৰী, মদ ড্ৰাগছ, ভাঙৰ অবাধ প্ৰচলনক লৈ ক্ষুন্ন বৰপেটা ছাত্ৰ সন্থাই প্ৰশাসনক দাবী তুলিলে কঠোৰভাৱে এই ব্যৱসায় নিয়ন্ত্ৰণ কৰাৰ বাবে ৷ সত্ৰনগৰী বৰপেটাত গঢ়় লৈ উঠা তীৰ, শেষ নম্বৰৰ লটাৰীৰ এই ব্যৱসায় কেতিয়া বন্ধ হ'ব সেইয়া সন্দিবানত ৷

লগতে পঢ়ক : জনীয়াত বিধায়ক শ্বেৰমান আলীৰ প্ৰতিমূৰ্তি দাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.