বৰপেটা,17এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ আতংকত সকলো জৰ্জৰিত হৈ থকাৰ পিছতো এতিয়াও যেন গা লৰা নাই একাংশ লোকৰ ৷ কৰ'ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম পৰ্যায়ৰ পিছত দ্বিতীয় পৰ্যায়ৰ লক ডাউন ঘোষণা কৰা হ'ল কিন্তু তথাপি চলি আছে একাংশ লোকৰ মইমতালি ৷ প্ৰশাসনৰ কঠোৰ নিৰ্দেশৰ পিছতো কোনো যেন গুৰুত্ব নাই একাংশ লোকৰ ৷ তাৰেই এক দৃশ্য দেখা পোৱা গ'ল বৰপেটাৰ হাউলীৰ ৰাজপথত ৷ অপ্ৰয়োজনীয়ভাৱে ৰাজপথত তহল দি ফুৰিছে একাংশ লোকে ৷ কিন্তু কঠোৰ আৰক্ষী প্ৰশাসনে ৰাজপথতে লক ডাউন ভংগকাৰী লোকসকলক প্ৰদান কৰিলে বিভিন্ন শাস্তি ৷ কিন্তু প্ৰশ্ন হয়,কৰ'ণা ভাইৰাছৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ নীতি-নিৰ্দেশনাৰ লগতে সকলো লোককে চৰকাৰ-প্ৰশাসনে সজাগ হ'বলৈ আহ্বান জনোৱাৰ পিছতো কিয় সতৰ্ক আৰু সজাগ হোৱা নাই একাংশ লোক ?
লগতে পঢ়কঃ দৰিদ্ৰ পৰিয়ালৰ কাষত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতিৰ পত্নী