ETV Bharat / state

লক ডাউন: কলগাছিয়াত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু আৰক্ষীৰ মহানুভৱতা

author img

By

Published : Apr 5, 2020, 8:04 PM IST

কলগাছিয়াৰ গুনিয়ালগুৰি নিবাসী জ্যেষ্ঠ নাগৰিক সাহেব আলী আৰু বৰভিটা আৰক্ষীৰ মহানুভৱতা। লক ডাউনৰ বাবে খাদ্যৰ সংকটত পৰা লোকৰ ঘৰে ঘৰে গৈ বিতৰণ কৰিলে খাদ্য সামগ্ৰী।

লক ডাউন
কলগাছিয়াত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু আৰক্ষীৰ মহানুভৱতা

জনীয়া, ৫ এপ্ৰিলঃ কলগাছিয়াৰ গুনিয়ালগুৰি নিবাসী জ্যেষ্ঠ নাগৰিক সাহেব আলীৰ মহানুভৱতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । অৱসৰ প্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সাহেব আলীয়ে লকডাউনৰ ফলত দিন হাজিৰা কৰি দুখীয়া মানুহৰ দুৰ্যোগৰ প্ৰতি লক্ষ্য কৰি ঘৰে ঘৰে গৈ খাদ্য সামগ্ৰী বিতৰণ কৰে । আনহাতে, জনীয়া সমষ্টিৰ অন্তৰ্গত বৰভিটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণব হাজৰিকাই চাউল, দালি, মিঠাতেল, নিমখ আদি বিতৰণ কৰে । বৰভিটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু গুনিয়ালগুৰিৰ জ্যেষ্ঠ নাগৰিক সাহেব আলীৰ এই মহানুভৱতা ৰাইজে ভূয়সী প্ৰশংসা কৰে ।

লক ডাউন ভংগ কৰাৰ প্ৰতি লক্ষ্য কৰি সাহেব আলীয়ে লোকৰ ঘৰে ঘৰে গৈ এই খাদ্য সামগ্ৰী বিতৰণ কৰে। লগতে আলী আৰু বৰভিটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাজৰিকাই লক ডাউন মানিবলৈ ৰাইজক সজাগ কৰি আহিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.