ETV Bharat / state

মোডীৰ অসম ভ্ৰমণৰ পূৰ্বে বৰপেটাত আবতৰীয়া দীপাৱলী - lighting lamp program in Barpeta

বৰপেটাবাসীয়ে বুধবাৰে উদযাপন কৰে আবতৰীয়া দীপাৱলী ৷ প্ৰধানমন্ত্ৰীগৰাকীক ৰাজ্যলৈ আদৰণি জনাই(PM Modi to visit Assam) এহাজাৰ গছি বন্তি প্ৰজ্বলন কৰা হয় বৰপেটা মেডিকেল কলেজ হাস্পতাল তথা কেঞ্চাৰ হাস্পতাল চৌহদত ৷ বৰপেটা মেডিকেল কলেজ কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনৰ তৎপৰতাত এই কাৰ্যসূচী অনুষ্ঠিত হয় ৷

lighting-lamp-program-before-pm-modi-to-visit-assam
বৰপেটাত আবতৰীয়া দীপাৱলী
author img

By

Published : Apr 28, 2022, 10:00 AM IST

বৰপেটা, 28 এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ পূৰ্বে(PM Modi to visit Assam) বৰপেটাবাসীয়ে উদযাপন কৰে আবতৰীয়া দীপাৱলী ৷ শাৰী শাৰী বন্তিৰ পোহৰত উজলি উঠিল বৰপেটা ৷ প্ৰধানমন্ত্ৰীগৰাকীক ৰাজ্যলৈ আদৰণি জনাই এনেদৰে বুধবাৰে এহাজাৰ গছি বন্তি প্ৰজ্বলন কৰা হয় বৰপেটা মেডিকেল কলেজ হাস্পতাল তথা কেঞ্চাৰ হাস্পতাল চৌহদত ৷

lighting-lamp-program-before-pm-modi-to-visit-assam
এজাহাৰ গছি বন্তি প্ৰজ্বলন

এই কাৰ্যসূচীত উপস্থিত থাকে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচাল, বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰৰ লগতে অধ্যাপক, চিকিৎসক, স্বাস্থ্যকৰ্মী আদি ৷ বৰপেটা মেডিকেল কলেজ কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনে এনেদৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ লগতে বন্তি প্ৰজ্বলন আৰু ৰং-বিৰঙী আলোকসজ্জাৰে বৰপেটাক দিলে আবতৰীয়া দীপাৱলীৰ ৰূপ ৷

lighting-lamp-program-before-pm-modi-to-visit-assam
বৰপেটাত আবতৰীয়া দীপাৱলী

উল্লেখ্য যে, 28 এপ্ৰিলত কেইবাটাও কাৰ্যসূচীৰে অসমত উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে পুৱা প্ৰায় 11.30 বজাত ডিফুত উপস্থিত হৈ ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি সাধাৰণ ৰাইজক সম্বোধন কৰিব ৷ পৰৱৰ্তী সময়ত ৰাজ্যৰ অন্যতম চহৰ ডিব্ৰুগড়ত উপস্থিত হৈ মুকলি কৰিব 7 খনকৈ কেঞ্চাৰ হাস্পতাল ৷ ইয়াৰ ভিতৰত অন্যতম হৈছে বৰপেটা কেঞ্চাৰ হাস্পতাল(PM Modi to inaugurate cancer hospital in Barpeta) সমান্তৰালকৈ ভাৰ্চুৱেলী আন 7 খন কেঞ্চাৰ হাস্পতালৰ আধাৰশিলা মুকলি কৰিব ৷ এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকিব বিশিষ্ট উদ্যোগপতি ৰতন টাটা ৷

বৰপেটাত আবতৰীয়া দীপাৱলী

লগতে চাওক: প্ৰধানমন্ত্ৰী কাৰ্বি আংলং ভ্ৰমণৰ পূৰ্বে কাৰ্বি শান্তি চুক্তিৰ কেতবোৰ দফাকলৈ ডিফুত অসন্তুষ্টি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.