বৰপেটা, ২৩ মে’: বৰপেটা সত্ৰত নোহোৱা নোপোজা ঘটনা ৷ সত্ৰৰ উদাসীন ভকতৰ চাৰিখুঁটিৰ অন্যতম উত্তৰহাটী বহাত অনধিকাৰ হস্তক্ষেপ ৷ সত্ৰখনৰ এজন ভকতৰ আলধৰাই কৌশলেৰে বহাৰ ভূমি নিজৰ নামত নামজাৰি কৰাৰ কথা পোহৰলৈ অহাৰ পাছতে তীব্ৰ প্ৰতিক্ৰয়াৰ সৃষ্টি হয় সত্ৰখনত (Illegal occupancy at Barpeta Satra)৷
নলবাৰী জিলাৰ জগত ডেকা নামৰ এজন লোকে নিজৰ নামত নামজাৰি কৰিলে ভকতৰ বহাৰ মাটি ৷ এই কথাৰ পোহৰলৈ অহাৰ পাছতে সোমবাৰে বৰপেটা সত্ৰৰ সমূহ ভকত উত্তৰহাটী বহাত উপস্থিত হৈ জগত ডেকা নামৰ লোকজনক বহাৰ পৰা উলিয়াই দিয়াৰ লগতে গৃহটোত তলা লগাই দিয়ে ৷ বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে জনোৱা মতে, বৰপেটা সত্ৰৰ পূৰ্বৰ বুঢ়াসত্ৰীয়া মোহন আতৈৰ আলধৰা হিচাপে আছিল নলবাৰীৰ জগত ডেকা ৷
মোহন আতৈ বুঢ়াসত্ৰীয়াৰ মৃত্যুৰ পাছত জগত ডেকাই বাস কৰি আছিল বহাখনত ৷ কিন্তু সত্ৰৰ ৰীতি-পৰম্পৰা আৰু সত্ৰৰ নীতি ভংগ কৰি সত্ৰৰ সম্পত্তি তথা উদাসীন ভকতৰ বহা আৰু ভূমিখিনি নিজৰ নামত নামজাৰি কৰি লয় জগত ডেকাই ৷ জগত ডেকাৰ এনে মইমতালিত ক্ষু্ন্ন হৈ পৰে সত্ৰ পৰিচালনা সমিতি আৰু সত্ৰৰ সমূহ ভকত ৷ সত্ৰীয়া পৰম্পৰা অনুসৰি উদাসীন ভকতৰ চাৰিখুঁটি বহাত বিবাহিত লোকে বাস কৰিব নোৱাৰে যদিও জগত ডেকাই নলবাৰীত পৰিয়ালসহ বাস কৰি থকাৰ পাছতো ভকতৰ বহা দখল কৰাক সহজভাৱে লোৱা নাই সত্ৰ সমিতিয়ে ৷
বুঢ়াসত্ৰীয়া মোহন আতৈৰ এগৰাকী আলধৰা হৈ সত্ৰৰ সম্পত্তি নিজৰ নামত নামজাৰি কৰা কাৰ্যৰ সৈতে জড়িত ৰাজহ বিষয়াৰ ওপৰতো ব্যৱস্থা গ্ৰহনৰ দাবী তুলিছে বৰপেটা সত্ৰৰ ভকতসকলে ৷
লগতে পঢ়ক: Batadrava PS incident : আক্ৰমণকাৰীৰ বাসগৃহৰ পৰা জব্দ ড্ৰাগছ-মাৰণাস্ত্ৰ