জনীয়া, 26 নৱেম্বৰ: অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিলে বিবাহ বিচ্ছেদ হোৱা পত্নী হাছিনা খাতুনক পেট্ৰ’ল ঢালি জ্বলাই হত্যা কৰা পাষাণ স্বামী হাছেম আলীয়ে (Kalgachia murder case)৷ প্ৰায় এমাহৰ অন্তত 24 নৱেম্বৰত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে হাছেমে (Killer husband surrendered)৷
ঘটনা অনুসৰি যোৱা 23 অক্টোবৰৰ সন্ধিয়া প্ৰায় 5.30 বজাত হাছিনাই ভাত ৰান্ধি থাকোঁতে অতৰ্কিতে স্বামী হাছেম আলী পাকঘৰলৈ সোমাই আহে (Husband killed wife by pouring petrol) ৷ স্বামীয়ে পিছফালৰ পৰা আহি পত্নীলৈ লক্ষ্য কৰি এচিডৰ লগতে পেট্ৰ’ল ঢালি দিয়ে ৷ লগে লগে মহিলাগৰাকীৰ গোটেই গাত জুইয়ে আৱৰি ধৰে ৷
মহিলাগৰাকীয়ে নিজকে বচাবলৈ ঘৰৰ সমীপতে থকা এখন নদীত জাঁপ মাৰি দিয়ে ৷ এই ঘটনা ওচৰৰ লোকে প্ৰত্যক্ষ কৰি মহিলাগৰাকীৰ পৰিয়ালক খবৰ দিয়ে ৷ মহিলাগৰাকীৰ পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক নদীৰ পৰা উদ্ধাৰ কৰি 108 সেৱাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ লৈ যায় ৷
ইয়াৰ পিছতে মহিলাগৰাকীয়ে জীৱন-মৃত্যুৰ লগত যুঁজি যুঁজি ২৭ অক্টোবৰত চিকিৎসাধীন অৱস্থাতে মৃত্যুক আকোৱালি লৈছিল ৷ ইফালে মহিলাগৰাকীৰ পৰিয়ালে লোকে জনোৱা অনুসৰি মৃত্যুৰ পূৰ্বে হাছেম আলীসহ হাছেমৰ পিতৃয়ে চক্ৰান্ত কৰি পেট্ৰ’ল চটিয়াই জুই লগাই দিয়া বুলি স্বীকাৰোক্তি দিছিল হাছিনা খাতুনে ৷
উক্ত স্বীকাৰোক্তিৰ ভিত্তিত হাছিনা খাতুনৰ পৰিয়ালে হাছেম আলী আৰু পৰিয়ালৰ লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ৷ এই জঘন্য ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰি আছিল হাছেম আলীয়ে ৷
সম্প্ৰতি হত্যাকাৰী স্বামী হাছেমে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছতে শনিবাৰে কলগাছিয়া আৰক্ষীয়ে হত্যাকাৰী হাছেম আলীক বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰে (Killer husband surrendered at Kalgachia police station)৷ পত্নীহন্তা হাছেমক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ দাবী উত্থাপন কৰে হাছিনাৰ পৰিয়ালৰ লোকে ৷
লগতে পঢ়ক: Rape case at Kaladhungi : 42 বছৰীয়া লম্পটৰ কামনাৰ বলি হ’ল আঢ়ৈ বছৰীয়া কণমানি