ETV Bharat / state

সৰুক্ষেত্ৰী সমষ্টিৰ অগপ প্ৰাৰ্থী হ’ব নেকি কল্পনা পাটোৱাৰী !

author img

By

Published : Dec 25, 2020, 12:11 PM IST

সৰুক্ষেত্ৰীত অগপৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰাৰ দিশে আগবাঢ়িছে জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰী ৷ বৃহস্পতিবাৰে দলীয় নিৰ্দেশ অনুসৰিয়েই সৰুক্ষেত্ৰী সমষ্টিৰ কুৰিহা গাঁৱৰ অগপৰ কেইবা গৰাকী বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰি নিৰ্বাচন সমন্ধীয় কিছু আলোচনা কৰা বুলি সদৰি কৰে কল্পনা পাটোৱাৰীয়ে ৷

kalpana-patuwary-active-in-sarukhetri-samsti
অগপ হৈ সৰুক্ষেত্ৰী সমষ্টিত ৰাজনৈতিক ৰণকৌশল তৈয়াৰ কল্পনা পাটোৱাৰীৰ

বৰপেটা, ২৫ ডিচেম্বৰ : ২১ ৰ নিৰ্বাচনক লৈ বিজেপিয়ে আৰম্ভ কৰিছে মিছন 100 + লক্ষ্য ৷ বিজেপিয়ে আৰম্ভ কৰা মিছন 100+ লক্ষ্যৰ মাজত আছে অগপকে ধৰি সহযোগী দল সমুহে প্ৰাৰ্থীত্ব দিবলগীয়া সমষ্টি সমুহো ৷

মূলতঃ বিজেপিৰ ৰণনীতি অনুসৰিয়েই ২১ৰ নিৰ্বাচনত প্ৰাৰ্থী ঠিয় কৰাব মিত্ৰজোঁটে ৷ উক্ত ৰণনীতি অনুসৰিয়েই সৰুক্ষেত্ৰীত অগপৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে কিছু দিন পূৰ্বে অগপত যোগ দিয়া ভোজপুৰী কুইন খ্যাত কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ ৷ ইতিমধ্যে অতি কৌশলপূৰ্ণভাৱে সৰুক্ষেত্ৰীত উপস্থিত হৈ কল্পনা পাটোৱাৰীয়ে অগপৰ দলীয় নেতৃত্বক লগত লৈ নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে ৷

বৃহস্পতিবাৰে দলীয় নিৰ্দেশ অনুসৰিয়েই সৰুক্ষেত্ৰী সমষ্টিৰ কুৰিহা গাঁৱৰ অগপৰ কেইবা গৰাকীও বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰি নিৰ্বাচন সমন্ধীয় কিছু আলোচনা কৰাৰ বুলি সদৰি কৰিছে কল্পনা পাটোৱাৰীয়ে ৷ ইফালে, সংবাদ মাধ্যমক সম্বোধন কৰি অগপক অসমৰ এক শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল হিচাপে অভিহিত কৰিছে কল্পনা পাটোৱাৰীয়ে ৷

সৰুক্ষেত্ৰী সমষ্টিত কল্পনা পাটোৱাৰী

সমন্তৰালভাৱে ৰাজ্যত নতুনকৈ গঠন হোৱা আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক লৈয়ো মন্তব্য প্ৰকাশ কৰিছে কল্পনা পাটোৱাৰীয়ে ৷ কল্পনা পাটোৱাৰীয়ে কয়, এইবাৰ আবেগত সিদ্ধান্ত নলয় অসমৰ ৰাইজে ৷

লগতে পঢ়ক:বিজেপিলৈ যাবনে অজন্তা : আজিৰ ভিতৰত উত্তৰ লাগে প্ৰদেশ কংগ্ৰেছক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.