বৰপেটা,21 মাৰ্চ: বৰপেটা জিলাৰ সৰুক্ষেত্ৰীত দেওবাৰে ভোটাৰৰ কাষ চাপিছে কণ্ঠশিল্পী কল্পনা পাটোৱাৰীয়ে । বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে অগপই প্ৰক্ষেপ কৰা সৰুক্ষেত্ৰীৰ প্ৰাৰ্থী কল্পনা পাটোৱাৰীয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ ।
নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত আধ্যাত্মিক গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ আশীৰ্বাদ গ্ৰহণ কৰে পাটোৱাৰীয়ে ৷ গুৰুৰ আশীৰ্বাদ লাভ কৰিছো যেতিয়া জিকিমেই বুলি মন্তব্য কৰে কল্পনা পাটোৱাৰীয়ে । সৰুক্ষেত্ৰীৰ উন্নয়নক মূল লক্ষ্য হিচাপে লোৱা কল্পনা পাটোৱাৰীয়ে বিজেপিৰ সুৰতে সুৰ মিলাই কয় যে, ‘‘আমি সুৰক্ষিত হ’ব লাগিব’’ ।
‘‘মই হিন্দু ছোৱালী আৰু মুছলমান বোৱাৰী’’- ধৰ্মৰ দোহাই দি এই শ্ল’গানেৰে এতিয়া সৰুক্ষেত্ৰীৰ ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ মন মেলিছে কণ্ঠশিল্পী তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীয়ে ৷
সাংবাদিকক সম্বোধন কৰি তেওঁ কয় যে, অসমীয়া সংস্কৃতি সুৰক্ষিত হ’ব লাগিব । আনহাতে, জাতি বিৰোধী মন্তব্য দিয়া লোকক অগপই প্ৰাৰ্থিত্ব দিয়া সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত কল্পনাই কয় যে, ‘‘মই সৰুক্ষেত্ৰীৰ কথাহে চিন্তা কৰিছো ৷ বাকী হেনো দলে চিন্তা কৰিব’’ ।
লগতে পঢ়ক : ভোটাৰৰ বাবে সজাগতাৰ সৃষ্টি SVEEP ৰ