জনিয়া,16 জানুৱাৰী: দেশজুৰি শনিবাৰৰ পৰা আৰম্ভ হৈছে ক’ভিড-19 প্ৰতিষেধকৰ প্ৰাৰম্ভিক পৰ্যায়ৰ টীকাকৰণ ৷ সমান্তৰালকৈ বৰপেটা জিলাতো চিকিৎসক, নাৰ্চ, স্বাস্থ্যকৰ্মী আৰু চাফাইকাৰ্মী সকলক প্ৰদান কৰা হৈছে প্ৰথম পৰ্যায়ৰ ভেকচিন ৷ শনিবাৰে কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ৰ 100 গৰাকী চিকিৎসাকৰ্মীক এই প্ৰতিষেধক প্ৰদান কৰা বুলি জানিবলৈ দিয়ে চিকিৎসালয়ৰ অধীক্ষক ছামচুল আলমে ৷
উল্লেখ্য যে, প্ৰতিষেধক গ্ৰহণৰ পাছত এই পৰ্যন্ত কোনো এগৰাকী ডাক্তৰ, কৰ্মচাৰীয়ে কোনো ধৰণৰ শাৰিৰীক অসুস্থতাত ভুগা নাই । আনহাতে, প্ৰতিষেধক লাভ কৰি চিকিৎসালয়খনৰ চিকিৎসক আৰু চিকিৎসাকৰ্মী সকল উৎফুল্লিত হৈ পৰিছে ৷
লগতে পঢ়ক-18 জানুৱাৰীত অনুষ্ঠিত হ’ব আঞ্চলিক গণমৰ্চাৰ ৰাজনৈতিক অভিৱৰ্তন