ETV Bharat / state

গৰাখহনীয়া ৰোধৰ দাবীত এবুকু পানীত নামি ৰাইজৰ প্ৰতিবাদ

ৰাজ্য চৰকাৰৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে । ইপিনে প্ৰতিবাদৰ সমান্তৰালভাৱে স্থানীয় সাংসদ, জনীয়া সমষ্টিৰ বিধায়ক আৰু বি জে পি চৰকাৰে ৰাইজৰ বাবে যাতে কাম কৰে তাৰবাবে তেওঁলোকৰ সুমতিৰ বাবে প্ৰতিবাদকাৰীসকলে ভগৱান আল্লাৰ ওচৰত প্ৰাৰ্থনা কৰে ।

author img

By

Published : Aug 19, 2020, 4:25 PM IST

Kalgachia's People Protest for  problem of erosion by under the water
গৰাখহনীয়াৰ বাবে কলগাছিয়াত এবুকু পানীত নামি ৰাইজৰ প্ৰতিবাদ

জনীয়া,19আগষ্টঃ ৰাজ্যত বৰ্তমানেও অব্যাহত আছে বানপানী আৰু গৰাখহনীয়াৰ কালৰূপ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাতো বানৰ ত্ৰাস ৷ জিলাখনৰ বৰনগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আলুবাৰী, হাপনা গাওঁ, কুৰোবাহা আৰু চলচলিয়া গাঁৱত বেঁকী নদীৰ তীব্ৰ গৰাখহনীয়াই দেখা দিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত আজি গাওঁ কেইখনৰ অৰ্ধশতাধিক পুৰুষ-মহিলাই এবুকু পানীত নামি গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

স্থানীয় লোকৰ অভিযোগ, স্থানীয় সাংসদ আব্দুল খালেক আৰু বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে এইপৰ্যন্ত তেওঁলোকৰ কোনোধৰণৰ খবৰ লোৱা নাই ৷ ইয়াৰ উপৰি ৰাজ্য চৰকাৰৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে । ইপিনে প্ৰতিবাদৰ সমান্তৰালভাৱে স্থানীয় সাংসদ, জনীয়া সমষ্টিৰ বিধায়ক আৰু বি জে পি চৰকাৰে ৰাইজৰ বাবে যাতে কাম কৰে তাৰবাবে তেওঁলোকৰ সুমতিৰ বাবে প্ৰতিবাদকাৰীসকলে ভগৱান আল্লাৰ ওচৰত প্ৰাৰ্থনা কৰে ।

আনহাতে, অতি শীঘ্ৰে চৰকাৰে যদি গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে গাঁও কেইখনৰ ৰাইজে সমূহীয়া আত্মজাহ দিয়াৰো সংবাদমাধ্যমৰ জৰিয়তে ভাবুকি প্ৰদান কৰে ৷

লগতে পঢ়কঃউন্নত হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্যৰ অৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.