জনীয়া,৯ মাৰ্চ: বৰপেটা জিলাৰ কলগাছিয়াৰ বালিকুৰী আৰক্ষী চকীৰ অন্তৰ্গত শওঁপুৰ গাঁৱৰ জাকিৰ হুছেইন নামৰ এজন লোকৰ ঘৰৰ পৰা উদ্বাৰ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী । ঘৰৰ চোতালৰ মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় শ শ কুইণ্টল লোৰ চুৰি হোৱা পাইপ ।
ঘটনাৰ বিৱৰণী অনুসৰি, উদ্ধাৰ হোৱা সামগ্ৰীখিনি শওঁপুৰৰ নিৰ্মীয়মান কেন্দ্ৰীয় বিদ্যালয়ৰ । এম বি কোম্পানীয়ে কেন্দ্ৰীয় বিদ্যালয় খন নিৰ্মাণ কৰাৰ বাবে বিদ্যালয় চৌহদত ৰাখিছিল লোৰ সামগ্ৰীখিনি । কিন্তু নিশা সেইবোৰ চোৰে লৈ যায় । মঙলবাৰে দিনৰ ভাগত সন্দেহবশতঃ বিদ্যালয় নিৰ্মাণৰ কামত নিয়োজিত কৰ্মচাৰী আৰু একাংশ শ্ৰমিকে স্থানীয় গাওঁবুঢ়াৰ সহযোগত জাকিৰ হুছেইনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে চুৰি হোৱা প্ৰায় ১২ লক্ষাধিক মূল্যৰ পাইপখিনি ।
ইতিমধ্যে কোম্পানীটোৰ দায়িত্বত থকা গুণীন দাসে শওঁপুৰৰ জাকিৰ হুছেইন, আব্দুল হাই আৰু আজিজুল হক নামৰ ব্যক্তি তিনিজনৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । কলগাছিয়া আৰু বালিকুৰী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক: বালিপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা