জনীয়া, 14 নৱেম্বৰ : গুনিয়ালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি (Students Protest in Barpeta)। ছাত্ৰ-ছাত্ৰীৰ পৰা বিদ্যালয়খনৰ অধ্যক্ষ আব্দুৰ ৰৌফে অধিক মাচুল সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ তৰিছে বিদ্যালয়খনত অধ্যয়নৰত একাংশ শিক্ষাৰ্থীয়ে ৷
অভিযোগ অনুসৰি, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অন্তৰ্গত বৰপেটা জিলাৰ গুনিয়ালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ প্ৰায় 4 শতাধিক শিক্ষাৰ্থীৰ পৰা অধ্যক্ষ আব্দুৰ ৰৌফে বিভিন্ন অজুহাত দি সংগ্ৰহ কৰিছে অধিক মাচুল ৷
আনকি অধ্যক্ষ আব্দুৰ ৰৌফে নাম ভৰ্তিৰ নামত 750 টকা সংগ্ৰহ কৰাৰ লগতে মাছুল দিব নোৱাৰা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক পৰীক্ষাত বহিবলৈ নিদিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ অৱশ্যে সংবাদ মাধ্যমৰ আগত এই সকলো অভিযোগ নস্যাৎ কৰিছে বিদ্যালয়খনৰ অধ্যক্ষ আব্দুৰ ৰৌফে ৷
কেৱল এ পি এল শ্ৰেণীৰ ছাত্ৰ-ছত্ৰীৰ পৰাহে মাচুল সংগ্ৰহ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে ।
ইফালে সোমবাৰে বিদ্যালয়খনৰ পৰিস্থিতি কিছু বিষম হোৱাত ঘটনাস্থলীত উপস্থিত হয় কলগাছিয়া থানাৰ আৰক্ষী ৷ কিন্তু প্ৰতিবাদকাৰী শিক্ষাৰ্থীয়ে বিদ্যালয়ৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি অধ্যক্ষৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে (Kalgachia Students Protest Against Principal) । পৰৱৰ্তী সময়ত এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়তহে হ’ব লক্ষণীয় ।
লগতে পঢ়ক : Protest in Dhemaji : জনজাতিকৰণৰ দাবীত ধেমাজিত কোচ ৰাজবংশীৰ প্ৰতিবাদ