জনীয়া, 3 জুলাই : উন্নয়ন আৰু পৰিৱৰ্তন এই সংকল্পৰে অসমত পুনৰবাৰ ক্ষমতাত আহিল বিজেপি চৰকাৰ । কিন্তু উন্নয়ন আৰু পৰিৱৰ্তন এই দুটা সংকল্প ধূলিসাৎ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে বিভিন্ন সময়ত । তাৰ মাজতে পোহৰলৈ আহিছে বঙাইগাঁও জিলাৰ (Bangaigaon District) উত্তৰ শালমাৰা পৰা অভয়াপুৰী, বৰপেটা হৈ আমিনগাঁও লৈ যোৱা পথছোৱা নিৰ্মাণত সংঘটিত হোৱা দুৰ্নীতিৰ প্ৰসংগ ৷
উল্লেখযোগ্য যে, বিকল্প দ্বিতীয় ৰাজ্যিক ঘাই পথছোৱা বিগত তিনি বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল । মন কৰিবলগীয়া যে, গৌতম কনট্ৰাকচন নামৰ নিৰ্মাণ কোম্পানীক অৰ্পণ কৰা হৈছিল উক্ত পথছোৱা নিৰ্মাণৰ কাম । সম্প্ৰতি কোম্পানীটোৱে নিজৰ অধিক মুনাফা আদায়ৰ বাবে অতি নিম্ন মানৰ ৰাস্তাৰ কাম কৰাত দুই এজাক বৰষুণতেই ঠায়ে ঠায়ে খহি গৈ আছে এই গুৰুত্বপূৰ্ণ পথছোৱা । আনকি পথটোৰ তিতাপানী মিনি পিএইচছিৰ সমীপত ওলাইছে প্ৰকাণ্ড সুৰংগ ।
উল্লেখ্য যে, উক্ত ঠাই ডোখৰত পূৰ্বে কাঠৰ দলং আছিল । ঘাই পথ নিৰ্মাণৰ সময়ত কোম্পানীয়ে আৰ চি চি ব্ৰীজ নিৰ্মাণ কৰাৰ পৰিৱৰ্তে কালভাৰ্ট বহুৱাই দিয়াত বিগত সময়ছোৱাত পথটো বহি গৈ সুৰংগ ওলাইছিল ।
ইপিনে কৰ্তৃপক্ষই পথচোৱা নাম মাত্ৰ মেৰামতি কৰাৰ বাবে এইবেলি বাৰিষাৰ প্ৰাকক্ষণতেই পুনৰ সুৰংগ ওলাই যাতায়ত ব্যৱস্থা ব্যাহত কৰি পেলাইছে ৷ আনহাতে, স্থানীয় ৰাইজ আৰু লাংলা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পথছোৱা শীঘ্ৰে মেৰামতিৰ কৰিবলৈ দাবী জনাইছে প্ৰতিবাদ সাৱ্যস্ত কৰিছে । উপায়ন্তৰ হৈ স্থানীয় ৰাইজে পথছোৱা বিজ্ঞান সন্মতভাৱে মেৰামতি কৰাৰ বাবে চৰকাৰক দাবী জনাইছে অন্যথা জংগী আন্দোলন গঢ়ি তোলিবলৈ বাধ্য হ’ব বুলি হুংকাৰ প্ৰদান কৰিছে ৷
লগতে পঢ়কঃ এতিয়া ৰাইফল অ’মেনে নিয়ন্ত্ৰণ কৰিব জম্মু-কাশ্মীৰৰ পৰিস্থিতি