জনীয়া,26 মাৰ্চ: বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে যদিও ধন বল বাহু বলেৰে একাংশ প্ৰাৰ্থীয়ে ভোটাৰ ৰাইজক বিপথে পৰিচালিত কৰিব পাৰে বুলি সষ্টম হৈ পৰিছে নিৰ্বাচন আয়োগ ৷ ফলত ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি ব্যাপক তৎপৰতাৰে ৰাজ্যৰ আৰক্ষী বিভাগে আৰম্ভ কৰিছে তালাচী অভিযান ।
শুকুৰবাৰে জনীয়া সমষ্টিৰ কৰাৰকুৰ বেকী দলঙৰ কাষত তালাচী চলাইছে অভিযানকাৰী দলে। প্ৰতিখন চাৰিচকীয়া আৰু দুচকীয়া বাহনত তন্ন তন্নকৈ চলাইছে তালাচী অভিযান । আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে এই গাড়ী সমূহে যাতে কোনো আপত্তিজনক সামগ্ৰী সৰবৰাহ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই অভিযান চলোৱা হৈছে ।
লগতে পঢ়কঃ ভোট দিয়ক আৰু সহকাৰী আয়ুক্ত হোৱাৰ সুযোগ লাভ কৰক...