ETV Bharat / state

কিশোৰীক দলবদ্ধ আক্ৰমণ উদণ্ড যুৱকৰ - কলগাছিয়াত ই-ৰিক্সা

ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ দৰে ঘটনা ৷ এনে অধিকাংশ ঘটনাই নিচাসক্ত অৱস্থাত সংঘটিত কৰাৰ কথাও বহু সময়ত পোহৰলৈ আহিছে ৷ এনে সময়তে বুধবাৰে কলগাছিয়াৰ মাজমজিয়াত একাংশ উদণ্ড যুৱকৰ দলবদ্ধ আক্ৰমণৰ বলি হয় কেইগৰাকীমান কিশোৰী ।

kalgachia-moral-police
কিশোৰীক দলবদ্ধ আক্ৰমণ উদণ্ড যুৱকৰ
author img

By

Published : Jul 22, 2021, 10:36 AM IST

জনীয়া, 22 জুলাই : কলগাছিয়া চহৰৰ মাজমজিয়াত বুধবাৰে পবিত্ৰ ঈদ-উল-আজহাৰ দিনা একাংশ উদণ্ড যুৱকৰ দলবদ্ধ আক্ৰমণৰ বলি হয় কেইগৰাকীমান কিশোৰী । কিশোৰীকেইগৰাকীয়ে ই-ৰিক্সাত গৈ থকা সময়তে উদণ্ড যুৱককেইজনে ই-ৰিক্সা (E Rickshaw) ৰখাই অশালীন ব্যৱহাৰ কৰে ৷ স্থানীয় লোকে যুৱককেইজনে নিচাযুক্ত দ্ৰব্য সেৱন কৰি এনে অভব্য আচৰণ কৰাৰ অভিযোগ কৰে ৷ কলগাছিয়া আৰক্ষী থানা (Kalgachia police station)ৰ অন্তৰ্গত ডিমাপুৰ গাঁৱৰ পকী দলঙৰ ওপৰত থিয় হৈ এই ঘটনা সংঘটিত কৰে যুৱককেইজনে ।

কিশোৰীক দলবদ্ধ আক্ৰমণ উদণ্ড যুৱকৰ

যুৱককেইজনে মদৰ নিচাত ডিমাপুৰ গাঁৱৰ পকী দলঙৰ ওপৰত গাড়ী ৰখাই ট্ৰেফিক পুলিচ (Traffic Police)ৰ দায়িত্ব পালন কৰিছিল । এনে সময়ত কিশোৰী কেইগৰাকীয়ে ই-ৰিক্সা (E Rickshaw)ৰে কলগাছিয়াৰ ফালে আহি আছিল । ই-ৰিক্সা (E Rickshaw)খন ৰখাবলৈ যুৱককেইজনে নিৰ্দেশ দিছিল কিশোৰীকেইগৰাকীয়ে ৰিক্সা চালকক ৰিক্সাখন ৰখাবলৈ দিয়া নাছিল ।

উদণ্ড যুৱককেইজনে লগে লগে ই-ৰিক্সা (E Rickshaw)খনৰ পিছে পিছে বাইকলৈ আহি কলগাছিয়াত ই-ৰিক্সা (E Rickshaw) খনক আগভেটি ধৰি কিশোৰীকেইগৰাকীক দাবী ধমকি দিয়ে । এই ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি কলগাছিয়া চহৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ অৱশ্যে উদণ্ড যুৱককেইজনৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক : মিজোৰ আতংকত ঘৰ-বাৰী এৰিছে সীমান্তবাসীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.