জনীয়া, 31 ডিচেম্বৰ : মিছা বাতৰি পৰিৱেশন কৰাৰ অভিযোগ তুলি এআইইউডিএফৰ বৰপেটা জিলাৰ প্ৰশাসনিক সম্পাদক খন্দকাৰ আশ্ৰফুল মামুনে এটা ৱেব পৰ্টেল আৰু ৱেব পৰ্টেলটোৰ স্বত্বাধিকাৰীৰ লগতে অন্য তিনিগৰাকীৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
ভুৱা বাতৰি প্ৰচাৰ কৰাৰ বাবে ফেচবুক পেজৰ বিৰুদ্ধে গোচৰ জানিব পৰা মতে, কিছুদিন পূৰ্বে নেছা উপাধিৰ মহিলা গৰাকীৰ ঘৰ জ্বলি যায়। ঘৰ জ্বলাৰ পাছত মহিলাগৰাকীয়ে এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ ওচৰত সহায় বিচাৰি যায়। বদৰুদ্দিন আজমলে আগবঢ়োৱা সাহাৰ্য মহিলা গৰাকীক খন্দকাৰ আশ্ৰফুল মামুনে নিদিয়াৰ অভিযোগ তুলি পৰ্টেলটোৱে পেজটোৰ জৰিয়তে বাতৰি পৰিৱেশন কৰে। এই অভিযোগ নস্যাৎ কৰি পৰ্টেলৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰ কৰাৰ বাবে খন্দকাৰ আশ্ৰফুল মামুনে এজাহাৰ দাখিল কৰিছে ৷ লগতে পঢ়ক: নৱবৰ্ষৰ প্ৰাক মূহুৰ্তত জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ