জনীয়া, ৬ নৱেম্বৰ: কলগাছিয়াৰ ফখৰুদ্দিন আলী আহমেদ সংহতি ভৱনৰ সন্মুখত বৃহস্পতিবাৰে AIUDFৰ সাধাৰণ সভাখন অনুষ্ঠিত হয়। AIUDFৰ জনীয়া সমষ্টি মহিলা মৰ্চা সমিতি গঠনৰ বাবে সাধাৰণ সভাৰ আয়োজন কৰা হয়। সভাত জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম মহিলাসকলক সমাজ গঠন প্ৰক্ৰিয়াত আগুৱাই যাবলৈ উৎসাহিত কৰে। সভাখনৰ সভাপতিত্ব কৰে AIUDFৰ জনীয়া সমষ্টি কমিটীৰ সভাপতি খন্দকাৰ জাকিৰ হুছেইনে। সভাৰ অন্তত জনীয়া সমষ্টিৰ বিধায়কগৰাকীয়ে সাংবাদিকৰ আগত শিলচৰত বদৰুদ্দিন আজমলৰ সভাত 'পাকিস্তান জিন্দাবাদ' ধ্বনি দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আৰ এছ এছে ষড়যন্ত্ৰ কৰিছে।
বদৰুদ্দিন আজমল জিন্দাবাদ আৰু আজিজ খান জিন্দাবাদ ধ্বনিক আৰ এছ এছে 'পাকিস্তান জিন্দাবাদ'ৰ ৰূপ দিছে বুলি মন্তব্য কৰে বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে। লগতে এই কাৰ্যক বিধায়ক ইছলামে ধিক্কাৰ দি কয় যে, 'দেশ স্বাধীন হোৱাৰ ক্ষেত্ৰত জমিয়ত আৰু কংগ্ৰেছে তেজ দিছে। স্বাধীনতাৰ বাবে হাজাৰ হাজাৰ মুছলমান স্বহীদ হোৱাৰ বিপৰীতে আৰ এছ এছে ইংৰাজৰ দালালি কৰিছিল।' বৰাক উপত্যকাত ১৫টা সমষ্টিৰ ভিতৰত ১২টা সমষ্টিতেই কংগ্ৰেছ-AIUDFৰ আৰু অন্যান্য দলৰ মিত্ৰজোঁটে জয় লাভ কৰিব বুলি মন্তব্য কৰে।