ETV Bharat / state

কলগাছিয়াত কংগ্ৰেছৰ কেন্দ্ৰীয় সম্পাদক ভূপেন বৰাৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Oct 12, 2019, 10:28 PM IST

জনীয়া বিধানসভা সমষ্টিত উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ কলগাছিয়াত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ কেন্দ্ৰীয় সম্পাদক ভূপেন বৰাই ৷

কলগাছিয়াত কংগ্ৰেছৰ কেন্দ্ৰীয় সম্পাদক ভূপেন বৰাৰ নিৰ্বাচনী প্ৰচাৰ

জনীয়া,12 অক্টোবৰ : আগন্তুক ২১ অক্টোবৰত জনীয়া বিধানসভা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ কেন্দ্ৰীয় সম্পাদক ভূপেন বৰাই । সভাত অংশ গ্ৰহণ কৰি কংগ্ৰেছৰ সম্পাদক গৰাকীয়ে বিজেপি চৰকাৰক সাম্প্ৰদায়িক চৰকাৰ বুলি অভিহিত কৰি কয় যে, সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে আৰু উন্নয়নৰ হকে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ছামচুল হকক ভোট দি বিপুল ভোটত জিকাই দিলেহে শান্তি সম্প্ৰীতি ঘূৰি আহিব ।

ইমানেই নহয়, কংগ্ৰেছক পুতৌ কৰাৰ প্ৰয়োজন বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য সন্দৰ্ভত সম্পাদকগৰাকীয়ে কয় যে, হিমন্ত বিশ্ব শৰ্মা অসমৰ ভাগ্য-বিধাতা নহয় ৷ লগতে তেওঁ ৰাজনীতিৰ জ্যোতি বিজ্ঞানীও নহয় ৷ তেওঁ বৰ্তমান নিজৰ ৰাজনীতিক ভৱিষ্যৎ সুৰক্ষিত কৰাত গুৰুত্ব দিয়া উচিত ৷ ৰাইজক কংগ্ৰেছক ভোট দিবলৈ আহ্বান জনোৱাৰ লগতে অসমত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনত চাৰিও সমষ্টিতে কংগ্ৰেছৰ জয় নিশ্চিত বুলি মন্তব্য কৰে ভুপেন বৰাই ।

Intro:slug: as_jania_12oct_congres_nirbachoni_janahobha_vis2+byt1+pho1_story_asc10058

Anchor: দিছপুৰত ৰাইজে কংগ্ৰেছৰ চৰকাৰ বনাব নে বিজেপিক ৰাখি থ'ব জনীয়া বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনে তাৰ ইংগিত বহন কৰিব। কলগাছিয়াত অনুষ্ঠিত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত এইদৰে কয় কংগ্ৰেছৰ কেন্দ্ৰীয় সম্পাদক ভূপেন বৰাই।Body:slug: as_jania_12oct_congres_nirbachoni_janahobha_vis2+byt1+pho1_story_asc10058

VO: আগন্তুক ২১ অক্টোবৰত জনীয়া বিধানসভা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ কলগাছিয়াত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছৰ কেন্দ্ৰীয় সম্পাদক ভূপেন বৰা অংশগ্ৰহণ কৰে। সভাত অংশ গ্ৰহণ কৰি কংগ্ৰেছৰ সম্পাদক গৰাকীয়ে কয় যে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে আৰু উন্নয়নৰ হকে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ছামচুল হকক ভোট দি বিপুল ভোটত জিকাই দিলেহে শান্তি সম্প্ৰীতি ঘূৰি আহিব। তাৰ বাবে ৰাইজক কংগ্ৰেছক ভোট দিবলৈ আহ্বান জনোৱাৰ লগতে অসমত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনত চাৰিও সমষ্টিত কংগ্ৰেছৰ জয় নিশ্চিত বুলি কয়।Conclusion:slug: as_jania_12oct_congres_nirbachoni_janahobha_vis2+byt1+pho1_story_asc10058

Byte: কংগ্ৰেছৰ কেন্দ্রীয় সম্পাদক ভূপেন বৰাৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.