জনীয়া, ৫ নৱেম্বৰ: প্ৰকাণ্ড অজগৰ উদ্ধাৰক লৈ বৰপেটাৰ জনীয়াত আতংকময় পৰিস্থিতি। জনীয়াৰ সালেকুৰা গাঁৱৰ তয়ছেৰ আলীৰ ঘৰত থকা এজোপা কলগছত আছিল সাপডাল। একেখন গাঁৱৰে আবুল কালাম নামৰ এজন যুৱকে অজগৰটো উদ্ধাৰ কৰে। প্ৰায় ৭ ফুট দৈৰ্ঘ্যৰ অজগৰটো উদ্ধাৰৰ পিছতে স্থানীয় ৰাইজে বন বিভাগক চমজাই দিয়ে। সাপ দেখিলে সাধাৰণতে আতংকিত হৈ মাৰি পেলোৱা পৰিলক্ষিত হয়। ইয়াৰ বিপৰীতে জনীয়াৰ প্ৰকৃতি প্ৰেমী যুৱক আবুল কালামে অজগৰটো উদ্ধাৰ কৰি বন বিভাগক চমজাই দিয়া কাৰ্যক সকলোৱে প্ৰশংসা কৰে।
আনহাতে, অজগৰটো প্ৰত্যক্ষ কৰাৰ পিছতে তয়ছেৰ আলীৰ পৰিয়াল আৰু ওচৰ-চুবুৰীয়া আতংকিত হৈ পৰে। সম্প্ৰতি সাপডাল উদ্ধাৰৰ পিছত স্বস্তিৰ নিশ্বাস এৰিছে স্থানীয় ৰাইজে।