জনীয়া, ২৬ জুলাই : ভুটানৰ কুৰিশ্বু নদীবান্ধ প্ৰকল্পৰ পানী এৰি দিয়া হ’ব বুলি বৰপেটা জিলা প্ৰশাসনে ৰাইজক অৱগত কৰাৰ পিছত কলগাছিয়া ৰাজহ চক্ৰৰ অধীনত থকা প্ৰায়বোৰ গাঁৱৰ ৰাইজ এতিয়া আতংকিত হৈ পৰিছে । তেওঁলোকে নিজ ঘৰ এৰি বৰ্তমান ৰাস্তাতে শিবিৰ পাতি আশ্ৰয় ল’ব লগা হৈছে । ২৫ জুলাই সন্ধিয়াৰ পৰা বেঁকী নদীৰ পানীয়ে কালৰূপ ধাৰণ কৰাত জনীয়াৰ খাৰবাল্লী গাঁৱৰ চৰত ঘৰে ঘৰে এবুকু পানী হোৱাত বন্যাৰ্ত সকলে ইতিমধ্যে নিজ গৃহ এৰি খাৰবাল্লী প্ৰাথমিক বিদ্যালয় আৰু কাষৰ ৰাস্তাত শিবিৰ পাতি আশ্ৰয় লৈ আছে । শিবিৰত মানুহ আৰু পশুধনৰ খাদ্য সংকটৰ লগতে বিশুদ্ধ খোৱাপানীৰ অভাৱৰ ফলত এতিয়া দুৰ্ভোগ ভুগিছে বানপীড়িত ৰাইজে । এই পৰ্যন্ত খবৰ ল’বলৈ আহৰি পোৱা নাই জনপ্ৰতিনিধিয়ে ।
নামনিত কুৰিশ্বু আতংক : ৰাজপথত জনতা - Kurishu dam
ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰাক লৈ কলগাছিয়াত আতংকময় পৰিস্থিতি । ভয় আৰু শংকাই টোপনি হৰিছে ৰাইজৰ ।
জনীয়া, ২৬ জুলাই : ভুটানৰ কুৰিশ্বু নদীবান্ধ প্ৰকল্পৰ পানী এৰি দিয়া হ’ব বুলি বৰপেটা জিলা প্ৰশাসনে ৰাইজক অৱগত কৰাৰ পিছত কলগাছিয়া ৰাজহ চক্ৰৰ অধীনত থকা প্ৰায়বোৰ গাঁৱৰ ৰাইজ এতিয়া আতংকিত হৈ পৰিছে । তেওঁলোকে নিজ ঘৰ এৰি বৰ্তমান ৰাস্তাতে শিবিৰ পাতি আশ্ৰয় ল’ব লগা হৈছে । ২৫ জুলাই সন্ধিয়াৰ পৰা বেঁকী নদীৰ পানীয়ে কালৰূপ ধাৰণ কৰাত জনীয়াৰ খাৰবাল্লী গাঁৱৰ চৰত ঘৰে ঘৰে এবুকু পানী হোৱাত বন্যাৰ্ত সকলে ইতিমধ্যে নিজ গৃহ এৰি খাৰবাল্লী প্ৰাথমিক বিদ্যালয় আৰু কাষৰ ৰাস্তাত শিবিৰ পাতি আশ্ৰয় লৈ আছে । শিবিৰত মানুহ আৰু পশুধনৰ খাদ্য সংকটৰ লগতে বিশুদ্ধ খোৱাপানীৰ অভাৱৰ ফলত এতিয়া দুৰ্ভোগ ভুগিছে বানপীড়িত ৰাইজে । এই পৰ্যন্ত খবৰ ল’বলৈ আহৰি পোৱা নাই জনপ্ৰতিনিধিয়ে ।
জনীয়া, ২৬ জুলাই: ভুটানৰ পানী এৰাক লৈ আতংকিত কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱৰ ৰাইজে ঘৰ এৰি ৰাস্তাত আশ্ৰয়।Body:slug: as_jania_26jul_flood_area_family_vis2+byt2_spl_pkg_story_asc10058
ভুটানৰ কুৰিশ্বু নদী বান্ধ প্ৰকল্পৰ পানী এৰি দিয়া হব বুলি বৰপেটা জিলাৰ প্ৰশাসনে ৰাইজক অৱগত কৰাৰ পিছত কলগাছিয়া ৰাজহ চক্ৰৰ অধীনত থকা প্ৰায়বোৰ গাঁৱৰ ৰাইজে আতংকিত হৈ ঘৰ এৰি ৰাস্তাত আশ্ৰয় লব লগা হৈছে। ২৫ জুলাই সন্ধিয়াৰ পৰা বেকী নদীৰ পানীয়ে ৪৪ নং জনীয়া বিধানসভা সমষ্টিত কালৰূপ ধাৰণ কৰাত খাৰবাল্লী গাঁৱৰ চৰত ঘৰে ঘটে এবুকু পানী হোৱাত বন্যাৰ্ত সকলে ঘৰ এৰি ৰাস্তাত গৈ আশ্ৰয় লোৱা দেখা গৈছে। খাৰবাল্লী প্ৰাথমিক বিদ্যালয় আৰু ৰাস্তাত শতাধিক পৰিয়ালে শিবিৰ পাতি আশ্ৰয় গ্ৰহণ কৰিছে । বানপানীৰ ফলত মানুহৰ বেমাৰ আজাৰে দেখা দিছে। মানুহ আৰু পশুধনৰ খাদ্য সংকটৰ লগতে বিশুদ্ধ খোৱাপানীৰ অভাৱ হৈছে তাৰোপৰি শৌচালয়ৰ সংকটত ভুগিব লগা হৈছে বানাক্ৰান্ত ৰাইজে ।Conclusion:slug: as_jania_26jul_flood_area_family_vis2+byt2_spl_pkg_story_asc10058
বাইট: বানাক্ৰান্ত ৰাইজ।
স্বফিকুল হাছান, জনীয়া।