জনীয়া,31 জানুৱাৰী: বৰপেটা এক্সপ্ৰেছৰ প্ৰতিযোগিতাত ভাগ লৈ কলগাছিয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে দুই ভাতৃ-ভগ্মীয়ে ৷ এই দুই ভাতৃ-ভগ্মীৰ সফলতাত এতিয়া আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ কলগাছিয়াত ৷ উল্লেখ্য যে, লকডাউনৰ সময়ত বৰপেটা এটা নিউজ পৰ্টেলে বৰপেটা ৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বিহু নৃত্য, বিহুনাম, একক অভিনয়, কবিতা আবৃত্তি, একক নৃত্যকে আদি কৰি বিভিন্ন শিতানত অনলাইনত প্ৰতিযোগিতাৰ আয়োজন কৰিছিল । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি বহু কেইটা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল কলগাছিয়াৰ দুই ভাতৃ-ভগ্মীয়ে ৷ দেওবাৰে আঠিয়াবাৰী মহোৎসৱৰ বাকৰিত উক্ত প্ৰতিযোগিতাৰ বিজেতা সকলৰ মাজত পুৰষ্কাৰ বিতৰণ কৰা হয় । কলগাছিয়াৰ প্ৰবীণ সাংবাদিক শ্বহিদুল ইছলামৰ পুত্ৰ কন্যাই চাৰিটাকৈ শিতানত পুৰষ্কাৰ লাভ কৰি কলগাছিয়ালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
উল্লেখ্য যে, তেখেতৰ পুত্ৰ চৌকত ৰোহানীয়ে একক নৃত্যত ১ম আৰু কবিতা আবৃত্তিত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় আৰু কণ্যা শ্বাহানাজ চুলতানাই বিহু নৃত্যত ১ম আৰু একক অভিনয়ত ২য় স্থান দখল কৰি বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । পিতৃ মাতৃৰ লগতে অঞ্চল বাসীয়ে ভাতৃ-ভগ্মীদ্বয়ৰ এই সফলতাৰ বাবে আনন্দত উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে ।
লগতে পঢ়কঃ 'অসম দৰ্শন' আঁচনিৰ অধীনত মিৰ্জাৰ নিজেশ্বৰী মন্দিৰ নিৰ্মাণ সম্পন্ন