ETV Bharat / state

নিৰ্বাচনী যুঁজলৈ সাজু সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ - বিধানসভা নিৰ্বাচন 2021

বিধায়ক জাকিৰ হুছেইনৰ বাবে সৰুক্ষেত্ৰীৰ ৰাইজেই হাইকমাণ্ড ৷ ৫ বছৰীয়া কাৰ্যকালত জাকিৰ হুছেইন শিকদাৰে কৰা কাম কাজ ৰাইজে পৰ্যবেক্ষণ কৰি আছে আৰু ২১ ৰ নিৰ্বাচনত সেই কাম কাজৰ নম্বৰ ৰাইজে দিব বুলি মন্তব্য কৰে জাকিৰ হুছেইন শিকদাৰে ৷

as_bar_01to04_16feb_jakir_husain_sikdar_foundation_politics_vis+bite+photo_as10038
নিৰ্বাচনী যুঁজলৈ সাজু সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ
author img

By

Published : Feb 16, 2021, 5:40 PM IST

বৰপেটা, 16 ফেব্ৰুৱাৰী: ক্ৰমাৎ চমু চাপি আহিছে বিধানসভা নিৰ্বাচনৰ দিন ৷ এইকেইদিন গাত তত নাইকীয়া সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ ৷ দলীয় নেতা-কৰ্মী, সমৰ্থকৰ সৈতে মটৰ চাইকেলত উঠি ঘূৰি ফুৰিছে সমষ্টিটোৰ চুক-কোণ ৷ স্থাপন কৰি গৈছে ইটোৰ পাছত সিটো আধাৰশিলা ৷ সোমবাৰৰ দিনটোত বিধায়ক গৰাকীয়ে পথ, দলং, বিদ্যালয় গৃহৰ তোৰণ, দেৱাল, পৰিদৰ্শন বাংলো সহ একেটা দিনতে মুঠ ১৩ টাকৈ আধাৰশিলা স্থাপন কৰে ৷

বিধায়ক জাকিৰ হুছেইনৰ বাবে সৰুক্ষেত্ৰীৰ ৰাইজেই হাইকমাণ্ড ৷ ৫ বছৰীয়া কাৰ্যকালত জাকিৰ হুছেইন শিকদাৰে কৰা কাম কাজ ৰাইজে পৰ্যবেক্ষণ কৰি আছে আৰু ২১ ৰ নিৰ্বাচনত সেই কাম কাজৰ নম্বৰ ৰাইজে দিব বুলি মন্তব্য কৰে জাকিৰ হুছেইন শিকদাৰে ৷ যদিহে তেওঁ সফল হৈছে তেন্তে ৰাইজে ২১ৰ নিৰ্বাচনৰ পৰীক্ষাত পাছ কৰাই দিব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷

নিৰ্বাচনী যুঁজলৈ সাজু সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ

মহাজোঁট গঠনৰ পিছতো সৰুক্ষেত্ৰী সমষ্টিত এআইইউডিএফে প্ৰবল প্ৰত্যাহ্বান কঢ়িয়াই আনিছে কংগ্ৰছ বিধায়ক জাকিৰ হুছেইন শিকদাৰলৈ ৷ অৱশ্যে মহাজোঁটৰ অংশীদাৰ দল এআইইউডিএফৰ পৰা আহি পৰা প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু বিধায়ক জাকিৰ হুছেইন শিকদাৰ ৷ সৰুক্ষেত্ৰীত বন্ধুত্বমূলকেই হওক বা শত্ৰুতাপূৰ্ণ যুঁজেই ২১ৰ এই যুঁজ অতিক্ৰম কৰাৰ বাবে প্ৰস্তুত বিধায়ক জাকিৰ হুছেইন শিকদাৰ ৷

আনহাতে, বিধায়ক জাকিৰ হুছেইন শিকদাৰে বিজেপিলৈ যাব বুলি বিৰোধীয়ে অপপ্ৰচাৰ চলাই অহা বুলি অভিহিত কৰি তেওঁ কোনোকালেই বিজেপিলৈ নাযায় আৰু অসম অসমীয়াৰ স্বাৰ্থ আৰু শংকৰ মাধৱৰ অসমৰ আদৰ্শৰ অসমত এজন অসমীয়া হিচাপে কাম কৰি যাব বুলি মন্তব্য কৰে ৷ সৰুক্ষেত্ৰী সমষ্টিয়ে উন্নয়নৰ শীৰ্ষতম পৰ্যায়ত উপনীত হব আৰু ২০ ফেব্ৰুৱাৰীৰ ভিতৰত ৩০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰিব বুলি প্ৰকাশ কৰে ৷

লগতে পঢ়ক-শ্ৰমিকৰ প্ৰতিবাদত স্তব্ধ দুলীয়াজান অইল ইণ্ডিয়া লিমিটেড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.