ETV Bharat / state

ৰাজ্যজুৰি প্ৰতিবাদ শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ

সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ আহ্বানত সমগ্ৰ অসমতে প্ৰতিবাদ অব্যাহত ৷  যোৰহাট আৰু বৰপেটা ৰোডতো 11 দফীয়া দাবী পূৰণৰ বাবে প্ৰতিবাদ ৷ দক্ষিণ কামৰূপৰ মিৰ্জা, বঙাইগাঁও আৰু ডিফুটো প্ৰতিবাদেৰে কঁপাই সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক মিটাৰ ৰিডাৰ কৰ্মী সন্থাই ৷

Irreguler BILL CLERK Meter reader union PROTEST all over assam
ৰাজ্যজুৰি প্ৰতিবাদ শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ
author img

By

Published : Dec 3, 2019, 7:32 PM IST

নিউজ ডেস্ক, 3 নৱেম্বৰঃ ৰাজ্যত অব্যাহত আছে শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ প্ৰতিবাদ ৷ সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ আহ্বানত সমগ্ৰ অসমতে 11 দফীয়া দাবী পূৰণেৰে যোৱা 2 ডিচেম্বৰৰ পৰা সপ্তাহযোৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি থকা হৈছে ৷ ৰাজ্যখনৰ লগতে যোৰহাট জিলা বিজুলী ভৱনৰ চৌহদত যোৰহাট জিলা সমিতিয়ে সপ্তাহযোৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ যদি 7 ডিচেম্বৰৰ পিচতো চৰকাৰে প্ৰতিবাদী আন্দোলনৰ ভাষা বুজি নাপায় তেনেহলে অনিৰ্দ্দিষ্টকালীন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে অস্থায়ী বিল ক্লাৰ্ক মিটাৰ ৰিডাৰ কৰ্মী সন্থাই ৷

যোৰহাটত প্ৰতিবাদ সদৌ অসম অস্থায়ী বিলক্লাৰ্ক মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ

ইফালে, বৰপেটা ৰোডতো সদৌ অসম অস্থায়ী বিলক্লাৰ্ক মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ আহ্বানত আৰম্ভ হোৱা অসহযোগ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ বৰপেটাৰোডৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত পালন কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷ চাকৰি নিয়মীয়াকৰণ তথা আন কেইবাটাও দাবী পূৰণৰ বাবে এই আন্দোলন গঢ়ি তোলে শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰীসকলে ৷

বৰপেটাৰোডত প্ৰতিবাদ সদৌ অসম অস্থায়ী বিলক্লাৰ্ক মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ

আনহাতে, দক্ষিণ কামৰূপৰ মিৰ্জা, বঙাইগাঁও আৰু ডিফুটো প্ৰতিবাদেৰে কঁপাই সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক মিটাৰ ৰিডাৰ কৰ্মী সন্থাই ৷ নিজৰ প্ৰয়োজনীয় দাবীসমূহ পূৰণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক এই প্ৰতিবাদৰ জৰিয়তে আহ্বান জনায় ৷

মিৰ্জা, বঙাইগাঁও আৰু ডিফুটো প্ৰতিবাদ সদৌ অসম অস্থায়ী বিলক্লাৰ্ক মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ

আৰু পঢ়কঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰৱ জুবিন গাৰ্গ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.