জনীয়া,২৭ আগষ্ট : জনীয়া সমষ্টিৰ ৰাইজৰ সুবিধাৰ্থে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভ উদ্বোধন কৰা হয় । বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে শনিবাৰে সমষ্টিটোৰ তিনিটাকৈ প্ৰকল্পৰ শুভ উদ্বোধন কৰে । প্ৰথমে কলগাছিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰপেটা অসামৰিক চিকিৎসালয়ত পঞ্চদশ আঁচনিৰ অধীনত পদপথ নিৰ্মাণৰ শুভ উদ্বোধন কৰা হয় (Jania MLA inaugurated new project)। ৩ লাখ ৫৬ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া পদপথটোৰ নিৰ্মাণৰ কাম বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে শুভ উদ্বোধন কৰে ।
ইয়াৰ লগতে ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কলগাছিয়া ৰাজহুৱা খেলপথাৰৰ সমীপৰে যোৱা এটা ৰাস্তাৰ কামৰো শুভ উদ্বোধন কৰে বিধায়কগৰাকীয়ে । ইয়াৰোপৰি কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত ৰাজহুৱা শৌচাগাৰৰো কামৰ শুভ উদ্বোধন কৰে বিধায়কগৰাকীয়ে । কাৰ্যসূচীত কলগাছিয়া গাঁও পঞ্চায়তৰ সভাপতি ৰফিক ভূঞাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
উল্লেখ্য যে শওপুৰস্থিত ২ নং বিকল্প ৰাজ্যিক ঘাইপথ বেকী নৈৰ গৰাখহনীয়াৰ কৱলত পৰিছে । লক্ষণীয়ভাৱে আজিলৈ খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা নল'লে চৰকাৰে । এই সন্দৰ্ভত বিধায়কগৰাকীক প্ৰশ্ন কৰাত তেওঁ কয় যে অহা নৱেম্বৰ-ডিচেম্বৰ মাহৰ পৰা বিভাগীয়ভাৱে খহনীয়া প্ৰতিৰোধৰ কাম তীব্ৰ গতিত আৰম্ভ হ'ব ।
এই সন্দৰ্ভত বৰপেটা জিলা উপায়ুক্ত, জলসম্পদ বিভাগ আৰু কাৰ্যবাহী অভিযন্তাৰ লগত যোগাযোগ অব্যাহত আছে বুলিও বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে । লগতে এই ৰাজ্যিক ঘাইপথেৰে বৰ্তমান গধুৰ যান-বাহন চলিব নালাগে বুলিও তেওঁ ৰাইজক আহ্বান জনায় ।