জনীয়া, 1 জুুলাই : বন বিভাগৰ চকুত ধূলি ছটিয়াই বৰপেটাৰোডৰ চুকে কোণে অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ শুকুৰবাৰে কলগাছিয়াত বন বিভাগৰ অভিযানত কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি গাঁৱৰ পৰা উচ্ছেদ কৰা হ'ল এটা অবৈধ কাঠফলা মিল(Illegal saw mill seized at Kalgachia) ৷
এই অভিযানকালত (Kalgachia Forest Department Operation against Illegal saw mill)বৰপেটাৰোড বন আঞ্চলিক বিষয়া মুনিন্দ্ৰ তালুকদাৰ বন পালক ১ ৰ নেতৃত্বত বন বিষয়াৰ কৰ্মচাৰীসকলে বালিকুৰি গাঁৱত প্ৰৱেশ কৰি এই অবৈধ কাঠফলা মিলৰ ভেটিত উচ্ছেদ কৰে । এই অভিযানত এটা কাঠফলা মেচিন, আন বিভিন্ন কাঠফলা সামগ্ৰী আৰু ২০ চি এফ টি কাঠ আদি জব্দ কৰে বন বিভাগে । উল্লেখ্য যে, দুলাল নামৰ এজন লোকে দীৰ্ঘদিন ধৰি এই অবৈধ কাঠফলা মিল চলাই আহিছিল ৷
উল্লেখ্য যে, বনবিভাগে বিগত কেইদিনত তিনিটাকৈ অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয় । লগতে বন বিভাগৰ এই অভিযান এনেদৰে অব্যাহত থাকিব বুলি বৰপেটাৰোড আঞ্চলিক বন বিষয়া মুনিন্দ্ৰ তালুকদাৰে সংবাদ মাধ্যমযোগে মন্তব্য প্ৰকাশ কৰে ।
লগতে পঢ়ক : ডিব্ৰুগড়ত দুদিনতে 6 টা অবৈধ কাঠফলা মিল জব্দ