জনিয়া, 1 আগষ্ট : কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত (Barpeta Civil Hospital, Kalgachiya) সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ । ৰোগীৰ আত্মীয়ক দুৰ্ব্যৱহাৰ চিকিৎসালয়ৰ কৰ্মচাৰীৰ । চিকিৎসালয়ৰ কৰ্মচাৰীয়ে দৰ্জাত হেচা মাৰি দিয়াত আহত হৈছিল এটি ডেৰ বছৰীয়া শিশু ৷ হাস্পতালখনৰ চি চি টিভি কেমেৰাত (close circuit camera) আবদ্ধ হোৱা ভিডিঅ’ত সকলো ঘটনা দৃশ্যমান হোৱাৰ পিছতো দোষীৰ বিপৰীতে ৰোগীৰ আত্মীয়ক আৰক্ষীক গতাই দিলে হাস্পতাল কৰ্তৃপক্ষই ।
কলগাছিয়াত অৱস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত এগৰাকী ৰোগীৰ আত্মীয়ক চিকিৎসালয়ৰ ৱাৰ্ড বয় দীপজ্যোতি পাঠকে দুৰ্ব্যৱহাৰ কৰে ৷ ইয়াৰ উপৰিও এটি কণমানি শিশুক পিতৃৰ কোলাত থকা অৱস্থাত গেটৰ দৰ্জাত হেচা মাৰি দিয়াত গুৰুতৰভাৱে আহত হয় শিশুটি । ফলত ৰোগীৰ আত্মীয় আব্দুল মোতালেব আৰু দলাগাছা গাঁওৰ ৰাশিদা খাতুন আৰু ৱাৰ্ড বয় দীপজ্যোতিৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয় ।
ঘটনাৰ সমগ্ৰ দৃশ্য চিচি টিভিত বন্দী হয় যদিও ৰোগীৰ আত্মীয়ৰ সৈতে অভব্য আচৰণ কৰা ৱাৰ্ড বয়ৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে হাস্পতালখনৰ কৰ্তৃপক্ষই ৷ ইয়াৰ বিপৰীতে ওলোটাই ৰোগীৰ আত্মীয় আব্দুল মোতালেবক দোষাৰোপ কৰি আৰক্ষীৰ হাতত গতাই দিয়ে চিকিৎসালয়ৰ অধীক্ষক ডাঃ ছামচুল আলমে ।
উল্লেখযোগ্য যে, বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি হোৱা এগৰাকী গুৰুতৰ ৰোগীৰ স্বামী আব্দুল মোতালেবে পুৱা প্ৰায় ১০ বজাত নিজৰ কনমানি শিশুক কোলাত লৈ চিকিৎসালয়ৰ কোঠালিত প্ৰৱেশ কৰৰ সময়ত ৱাৰ্ড বয়(hospital ward boy) দীপজ্যোতি পাঠকে বাধা প্ৰদান কৰে ৷ এই অভব্য আচৰণৰ ভিডিও প্ৰত্যক্ষ কৰাৰ পিছতো অধীক্ষক ডাঃ ছামচুল আলমে একো ব্যৱস্থা গ্ৰহণ নকৰে ৷ বিপৰীতে দুৰ্ব্যৱহাৰকাৰী লোকজনক সমৰ্থন কৰি চিকিৎসালয়খনত স্বৈৰাচাৰী শাসন চলোৱাৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে ।
লগতে পঢ়ক : FRIENDSHIP DAY ত হেণ্ডচেক কৰা নহ’ব এইবাৰ...