ETV Bharat / state

সত্ৰনগৰী বৰপেটাত ভোৰতাল আৰু হোলীগীতৰ কৰ্মশালা

author img

By

Published : Jan 29, 2021, 2:07 PM IST

হোলীগীতৰ সুললিত সুৰেৰে মুখৰিত হৈ পৰিল সত্ৰনগৰী বৰপেটাৰ ৰাখাল থান। ৰাজ্য চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ উদ্যোগত ১১ দিনীয়া হোলীগীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালা । এই কৰ্মশালাৰ সামৰণি অনুষ্ঠানত হোলীগীত আৰু ভোৰতাল নৃত্য পৰিৱেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰিলে শিশু,কিশোৰ-কিশোৰীসকলে।

সত্ৰনগৰী বৰপেটাত ভোৰতাল আৰু হোলীগীতৰ কৰ্মশালা
সত্ৰনগৰী বৰপেটাত ভোৰতাল আৰু হোলীগীতৰ কৰ্মশালা

বৰপেটা,২৯ জানুৱাৰী: সত্ৰনগৰী বৰপেটাৰ ৰাখাল থানত অনুষ্ঠিত হোৱা ১১ দিনীয়া হোলীগীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালাৰ সফলভাৱে সামৰণি পৰে । ৰাজ্য চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ উদ্যোগত কৰ্মশালাখন অনুষ্ঠিত হয় । শিশু, কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীসকলক বৰপেটাৰ ঐতিহ্য হোলীগীত আৰু বৰপেটা সত্ৰৰ বুঢ়াভকত নৰহৰি বুঢ়াভকতে প্ৰসাৰ কৰা ভোৰতাল নৃত্যত পাৰ্গত কৰি তোলাৰ উদ্দেশ্যেৰে অনুষ্ঠিত হয় ভোৰতাল আৰু হোলীগীতৰ কৰ্মশালা ৷

১১ দিনীয়াকৈ অনুষ্ঠিত এই কৰ্মশালাখনৰ সামৰণি অনুষ্ঠানত হোলীগীত আৰু ভোৰতাল নৃত্য পৰিৱেশন কৰে নৱ প্ৰজন্মৰ শিল্পীসকলে ৷ সামৰণি অনুষ্ঠানত প্ৰশিক্ষক তথা শিল্পী নকুল দাস,বিপুল ওজা,মনোজ কুমাৰ দাস আৰু কবিন দাসে প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে । পিক্সি মুভিজ আৰু একাডেমী অৱ খোলবাদ্যৰ সহযোগত অনুষ্ঠিত হোৱা হোলীগীত আৰু ভোৰতাল নৃত্যৰ কৰ্মশালাখনৰ সামৰণি অনুষ্ঠানত অক্ষয় কুমাৰ মিশ্ৰ উপস্থিত থকাৰ লগতে কেইবাগৰাকীও শিল্পীয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:ৰঙাপৰা সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰথমটো খোজঃ সমষ্টি সমিতি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.