ETV Bharat / state

সমাগত হোলী ! কৰ’ণা ভাইৰাছক লৈ শংকিত নহয় বৰপেটাবাসী

author img

By

Published : Mar 6, 2020, 8:14 PM IST

কৰ’ণা ভাইৰাছক লৈ আমি শংকিত যদিও আমি হোলীত অংশগ্ৰহণৰ পৰা বিৰত নাথাকো ৷ অৱশ্যে সাৱধানতা অৱলম্বন কৰি হোলীত অংশগ্ৰহণৰ আহ্বান বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া প্ৰভূগৰাকীৰ ৷

কৰ’ণা ভাইৰাছক লৈ শংকিত নহয় সত্ৰনগৰী বৰপেটা,Holi Preparation going on Borpeta
সমাগত হোলী ! কৰ’ণা ভাইৰাছক লৈ শংকিত নহয় সত্ৰনগৰী বৰপেটা..

বৰপেটা, ৬ মাৰ্চ: কৰ’ণা ভাইৰাছে শংকিত কৰি তুলিছে বিশ্ববাসীক ৷ ইখনৰ পিচত সিখন দেশলৈ সংক্ৰমিত হৈছে মাৰাত্মক কৰ’ণা ভাইৰাছ ৷ বিশ্বৰ বিভিন্ন প্ৰান্তত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে বহু লোক ৷ ইয়াৰ মাজতে কৰ’ণা ভাইৰাছৰ বাবেই দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হোলীত অংশগ্ৰহণ নকৰে বুলি ঘোষণা কৰাৰ লগতে দেশবাসীক হোলীত অংশগ্ৰহণ নকৰিবলৈ আহ্বান জনোৱাক লৈ আৰম্ভ হৈছে চৰ্চা ৷

কিন্তু কৰ’ণা ভাইৰাছক লৈ দেশবাসীৰ মনত শংকা উদ্বেগ থকা সত্বেৰ মাজতেই সত্ৰনগৰী বৰপেটাবাসী মগ্ন হয় হোলীৰ আনন্দ উল্লাসত ৷ সত্ৰনগৰী বৰপেটাৰ চৌদিশজুৰি এতিয়া হোলীৰ উন্মাদনা ৷ সত্ৰ সমূহত আৰম্ভ হৈছে হোলীগীতৰ চৰ্চা ৷ পুৰুষ মহিলা বুৰ গৈছে কৃষ্ণ প্ৰেম আৰু হোলীগীতৰ আনন্দত ৷ কৰ’ণা ভাইৰাছক লৈ সামান্যতমো শংকিত নহয় বৰপেটাবাসী ৷ পূৰ্বৰ দৰেই বৰপেটাবাসীয়ে অংশ ল’ব হোলীত ৷

এই সন্দৰ্ভত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া প্ৰভূ বশিষ্ঠ শৰ্মায়ে প্ৰকাশ কৰিলে মনৰ কথা ৷ বুঢ়াসত্ৰীয়াগৰাকীয়ে ক’লে- কৰ’ণা ভাইৰাছক লৈ আমি শংকিত যদিও আমি হোলীত অংশগ্ৰহণৰ পৰা বিৰত নাথাকো ৷ অৱশ্যে সাৱধানতা অৱলম্বন কৰি হোলীত অংশগ্ৰহণৰ আহ্বান বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া প্ৰভূগৰাকীৰ ৷

আনহাতে কৰ’ণা ভাইৰাছৰ সতৰ্কতা হিচাপে চীনৰ সামগ্ৰীৰ পৰিৱৰ্তে বৰপেটাত প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা ফাকু ব্যৱহাৰ কৰিবলৈকো আহ্বান জনায় বুঢ়াসত্ৰীয়াগৰাকীয়ে ৷ ইপিনে সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীয়েও হোলীত অংশগ্ৰহণৰ পৰা বিৰত নথকাৰ কথা প্ৰকাশ কৰে ৷ বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ হোলীত অংশগ্ৰহণৰ পৰা বিৰত থাকিব বিচৰা নাই কোনো লোকেই ৷

কৰ’ণা ভাইৰাছক লৈ শংকিত নহয় সত্ৰনগৰী বৰপেটা

বৰপেটাৰ লোকসকলৰ বিশ্বাস, প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা ফাকুৱাৰে হোলীত অংশ ল’লে বিভিন্ন ৰোগ প্ৰতিৰোধহে হয় ৷ সেয়ে বৰপেটাত প্ৰস্তুত কৰা ফাকুৱাৰে হোলীত অংশগ্ৰহণ কৰিব সত্ৰনগৰী বৰপেটাৰবাসীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.