ETV Bharat / state

Heavy traffic zam: মঙলবাৰে তীব্র যান-জঁটৰ সৃষ্টি হ’ল বামুনটাৰী দ্বিতীয় বিকল্প ৰাজ্যিক ঘাইপথত - Heavy traffic zam on 2nd Alternative State Highway

মঙলবাৰে বামুনটাৰী দ্বিতীয় বিকল্প ৰাজ্যিক ঘাইপথত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ ( Heavy traffic zam on 2nd Alternative State Highway ) ৷ অঞ্চলটোৰ বিকল্প ৰাজ্যিক ঘাইপথটো জিলা প্ৰশাসনে বন্ধ কৰি দিয়াৰ ফলত সৃষ্টি হয় এই যান-জঁটৰ ৷

Heavy traffic zam on 2no. Alternative State Highway at Jania
বামুনটাৰী দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথত তীব্র যান যঁট
author img

By

Published : Jul 13, 2022, 1:28 PM IST

জনিয়া, 13 জুলাই: এফালে ঈদৰ আনন্দ আনফালে দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথত যান-জঁট ( Heavy traffic zam on 2nd Alternative State Highway ) ৷ বামুনটাৰী দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ ৷ অঞ্চলটোৰ বিকল্প ৰাজ্যিক ঘাইপথ জিলা প্ৰশাসনে বন্ধ কৰি দিয়াৰ ফলত সৃষ্টি হয় এই যান-জঁটৰ ৷

উল্লেখ্য যে, বিগত বছৰত অভয়পুৰীৰ পৰা অমিনগাঁৱলৈ যোৱা দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথৰ শওপুৰৰ অংশত বেঁকী নৈৰ গৰাখহনীয়াত (Beki river erosion) ৰাস্তাৰ আধা অংশ জাহ গৈছিল ৷ সেয়ে বৰপেটা জিলা প্ৰশাসনে ৰাজ্যিক ঘাইপথৰ বামুনটাৰী অংশত গধুৰ জনবাহন চলাচল বন্ধ কৰি দিছিল । মঙলবাৰে ঈদৰ বাবে অঞ্চলটোৰ যথেষ্ট সংখ্যক যানবাহন একেটা পথৰে অহা-যোৱা কৰিবলগীয়া হোৱাত এই পথটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় (Heavy traffic zam at Jania) ৷

বামুনটাৰী দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথত তীব্র যান যঁট

এই খবৰ পোৱা মাত্ৰে বালিকুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীনেশ চন্দ্ৰ শৰ্মাই যান-জঁট হোৱা ঠাইত উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰি মানৱতাৰ নিদৰ্শন দাঙি ধৰে । যাক লৈ বামুনটাৰীৰ সচেতন ব্যক্তিয়ে আৰক্ষীৰ এনে ভূমিকাত ভূয়সী প্ৰশংসা কৰে । লগতে শওপুৰস্থিত বিকল্প ৰাজ্যিক ঘাইপথটো অতি শীঘ্ৰেই মেৰামতি কৰাৰ দাবী জনায় স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: মানসিক স্বাস্থ্যৰ প্ৰতি সজাগ নোহোৱাৰ বাবেই আত্মহত্যাৰ দৰে ঘটনা ঘটে : আলোকিতা বৰুৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.