ETV Bharat / state

গৰু বিহুৰ দিনাই বৰপেটাত প্ৰচণ্ড ধুমুহা-বৰষুণ : ভেল্লাত বিস্তৰ ক্ষতিসাধন

গৰু বিহুৰ পুৱাই বৰপেটাত ধুমুহাৰ তাণ্ডৱ ৷ উৰুৱাই নিলে বহু ঘৰৰ টিনপাত ৷ ভাঙি তচনচ কৰিলে বজাৰৰ বহু দোকান-পোহাৰৰ ৷

Heavy storm lashes Barpeta
গৰু বিহুৰ দিনাই বৰপেটাত প্ৰচণ্ড ধুমুহা বৰষুণ
author img

By

Published : Apr 14, 2022, 7:46 PM IST

বৰপেটা, ১৪ এপ্ৰিল : বৰপেটাত গৰু বিহুৰ দিনা পুৱাই আহিল এজাক প্ৰচণ্ড ধুমুহা বৰষুণ (Heavy storm lashes Barpeta)৷ ধুমুহা-বৰষুণৰ ফলত বৰপেটাৰ ভেল্লাত বিস্তৰ ক্ষতিসাধন হয় । প্ৰচণ্ড ধুমুহাই অঞ্চলটো ঢাহি-মুহি লৈ যোৱাৰ ফলত ভেল্লা বজাৰৰ বহু দোকান-পোহাৰৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ভেল্লা নিম্ন বুনিয়াদী বিদ্যালয়ৰ ব্যাপক ক্ষতিসাধন হয় ৷

প্ৰচণ্ড ধুমুহা-বৰষুণে ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানাগাৰটোৰ (লেব'ৰেটৰী) টিনপাত উৰুৱাই নিয়ে ৷ ফলত বিজ্ঞানাগাৰটোত থকা প্ৰায় 10/12 লক্ষাধিক টকাৰ বিজ্ঞানৰ সা-সঁজুলিৰ ক্ষতিসাধন হয় ৷ ইপিনে ভেল্লা নিম্ন বুনিয়াদী বিদ্যালয়ৰ গৃহটোৰ টিনপাত ধুমুহাই উৰুৱাই নিয়াৰ ফলত ব্যাপক ক্ষতিসাধন হয় ৷ অৱশ্যে গৰু বিহুৰ উপলক্ষ্যে বিদ্যালয় বন্ধ থকাৰ বাবে ছাত্ৰ-ছাত্ৰীসকল হতাহত হোৱাৰ পৰা ৰক্ষা পৰে ৷ অন্যথা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী অথবা শিক্ষকসকলৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছিল (Storm in Barpeta)৷

গৰু বিহুৰ দিনাই বৰপেটাত প্ৰচণ্ড ধুমুহা বৰষুণ

ইপিনে ধুমুহাই বহু পৰিয়ালৰ ঘৰ-দুৱাৰো ভাঙি তচনচ কৰে ৷ আনকি বহু ঠাইত গছ ভাঙি পৰাৰ ফলত চূৰমাৰ হৈছে বহু পৰিয়ালৰ ঘৰ-বাৰী ৷ ইপিনে ধুমুহাত ভেল্লা বজাৰৰ বহু দোকান-গৃহৰো ক্ষতিসাধন হয় ৷ বৈদ্যুতিক খুঁটা উভালি পৰাৰ ফলত অঞ্চলটোত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছে ৷ ধুমুহাৰ ফলত ভেল্লা-শিলা-বহৰি পথৰ ওপৰত গছ উভালি পৰাত যাতায়ত ব্যাহত হৈ পৰিছে । বৰপেটা-দৌলাশাল-হাজো-গুৱাহাটী পথৰ ভেল্লাৰ অংশছোৱাৰ কাষত থকা কেইবাটাও বৈদ্যুতিক খুঁটা উভালি পৰিছে ।

লগতে পঢ়ক : মৰিগাঁৱৰ ঐতিহাসিক চাৰণ বিলত পৰম্পৰাগভাৱে পালন গৰু বিহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.