ETV Bharat / state

লোকচানৰ সন্মুখীন কলগাছিয়াৰ মাছ ব্যৱসায়ী, কিন্তু কিয় ? - বৰপেটা জিলা

কৰ’ণাৰ সংক্ৰমণৰ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা ৷ বুধবাৰৰ পৰা 2 বজাৰ পিছত বন্ধ থাকিব সকলো ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান ৷ কলগাছিয়াত নতুন নিৰ্দেশনাৰ প্ৰভাৱ সৰ্বাত্মক ৷

লোকচানৰ সন্মুখীন কলগাছিয়াৰ মাছ ব্যৱসায়ী, কিন্তু কিয় ?

author img

By

Published : May 5, 2021, 8:57 PM IST

জনীয়া, 5 মে': দেশজুৰি কৰ’ণাই ভয়াৱহতাৰ ৰূপ ধাৰণ কৰাৰ সময়তেই অসমতো ব্যাপকভাৱে কৰ’ণাই সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ ৰাজ্য চৰকাৰে জাৰি কৰা নতুন ক’ভিড নীতিৰ জৰিয়তে সন্ধিয়া 6 বজাৰ পৰা 5 বজালৈ ঘোষণা কৰিছে নৈশ সান্ধ্য আইন ৷ বুধবাৰৰ পৰা ৰাজ্য চৰকাৰে বিয়লি দুই বজাৰ লগে লগে সকলো প্ৰতিষ্ঠান, দোকান বজাৰ বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷

সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা জিলাৰ কলগাছিয়াতো দেখা গ’ল অনুৰূপ দৃশ্য ৷ চৰকাৰৰ নিৰ্দেশনা মানি কলগাছিয়াত বিভিন্ন অনুস্থান প্ৰতিষ্ঠানৰ লগতে দোকানসমূহ বন্ধ কৰা পৰিলক্ষিত হ’ল ৷ যদিও অঞ্চলটোৰ একাংশ মাছ ব্যৱসায়ীৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ ৷

লোকচানৰ সন্মুখীন কলগাছিয়াৰ মাছ ব্যৱসায়ী, কিন্তু কিয় ?

বজাৰলৈ অনা মাছ বিক্ৰি কৰিব নোৱাৰি লোকচানৰ সন্মুখীন হ’ব লগা হৈছে মাছ ব্যৱসায়ী সকল ৷ ক্ষতিগ্ৰস্ত মাছ ব্যৱসায়ী সকলৰ তেওঁলোকৰ লোকচানৰ কথা উল্লেখ কৰাৰ লগতে আগন্তুক দিনত মাছ ব্যৱসায়ী সকলেও চৰকাৰৰ নিয়ম পালন কৰি যাব বুলি মতপোষণ কৰে ৷ ইফালে কলগাছিয়া আৰক্ষীয়েও বুধবাৰৰ দিনটোত দোকান পোহাৰ বন্ধ কৰোৱাই ৰাইজক সজাগ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : তৃতীয়বাৰৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ আসনত মমতা বেনাৰ্জী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.