বৰপেটা,15 ফেব্ৰুৱাৰীঃ দেওবাৰে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া পদৰ নিৰ্বাচনৰ ভোট গণনা সমাপ্ত হয় ৷ সত্ৰীয়া পদত নিৰ্বাচিত হৈছে ডেকা সত্ৰীয়া গৌতম পাঠক ৷ নিকটতম প্ৰতিদ্বন্দ্বী হেমেন বুঢ়া ভকতক ১৩৬ টা ভোটত পৰাস্ত কৰি জয় লাভ কৰে গৌতম পাঠকে ৷
উল্লেখ্য যে, বৰপেটা সত্ৰৰ প্ৰথমজনা সত্ৰাধিকাৰ মথুৰাদাস বুঢ়া আতাই প্ৰৱৰ্তন কৰি যোৱা নীতি অনুসৰি গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত হৈ আহিছে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া ৷ পূৰ্বৰ ডেকা সত্ৰীয়া নৱজিৎ দাস পাঠকৰ দেহাৱসানৰ পাছত নতুন ডেকা পদৰ সত্ৰীয়া নিৰ্বাচনৰ বাবে বৰপেটা জিলা প্ৰশাসনে দেওবাৰে অনুষ্ঠিত কৰিছিল নিৰ্বাচন ৷ প্ৰাপ্ত তথ্য অনুসৰি, ৭,০৫৫ গৰাকী ভোটাৰৰ ভিতৰত ৬৪.৬৪ শতাংশ ভোটাৰে সাব্যস্ত কৰিছিল ভোটদান ৷
আনহাতে, এই ডেকা সত্ৰীয়া পদৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ অন্ত পৰে দেওবাৰে বিয়লি 4 বজাত ৷ তাৰ পাছতেই নিশা জিলা উপায়ুক্তৰ কাৰ্যালয়ত ভোট গণনা কৰা হয় ৷ এই ভোট গণনাত গৌতম পাঠকে বিজয়ী হিচাপে নিৰ্বাচিত হয় ৷ নিৰ্বাচনত জয়ী হৈ প্ৰফুল্লিত হৈ পৰে নৱ নিৰ্বাচিত ডেকা সত্ৰীয়াগৰাকী ৷ নিৰ্বাচনক কেন্দ্ৰ কৰি সত্ৰ নগৰীখনত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়কঃ নগাঁৱত মুখ্যমন্ত্ৰীৰ কেইবাটাও আঁচনি মুকলি