ETV Bharat / state

ঈদৰ বজাৰত আকাশলংঘী মূল্য বৃদ্ধি

পূৰ্বৰ তুলনাত প্ৰায় পাঁচ গুণ মূল্য বৃদ্ধিৰে কেচা জলকীয়া 160 টকা, আদা 120 টকা, শুকান জলকীয়া 130 টকা, পিঁয়াজ 80 টকা, নহৰু 80 টকা, জহা চাউল 70 টকা প্ৰতি কিলো বিক্ৰী কৰিছে ব্যৱসায়ী সকলে ৷

কলগাছিয়াত আকাশলংঘী মূল্য বৃদ্ধি
author img

By

Published : Aug 11, 2019, 7:40 PM IST

বৰপেটা, 11 আগষ্টঃ কলগাছিয়াত ঈদ উপলক্ষে আকাশলংঘী মূল্য বৃদ্ধি । এক হাজাৰ টকীয়া বগা ইলাচি নিশাৰ ভিতৰতে হ'লগৈ পাঁচ হাজাৰ টকা । ঈদ-উদ-জোহাৰ সুযোগ গ্ৰহণ কৰি মধ্যভোগীয়ে মাধমাৰ সোধাইছে গ্ৰাহকক ।

উল্লেখযোগ্য যে, কাইলৈ অৰ্থাৎ সোমবাৰে ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ঈদ-উদ-জোহা উপলক্ষে ৰাইজে অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে বজাৰ কৰিবলৈ ওলাই আহি চকুৰে সৰিয়হৰ ফুল দেখিছে গ্ৰাহকে ৷ দিন হাজিৰা কৰি পোৱা তিনিশ টকাৰে পঞ্চাশ গ্ৰাম বগা ইলাচি কিনিবলৈ সক্ষম হোৱা নাই গ্ৰাহকে । সেইদৰে পূৰ্বৰ তুলনাত প্ৰায় পাঁচ গুণ মূল্য বৃদ্ধিৰে কেচা জলকীয়া 160 টকা, আদা 120 টকা, শুকান জলকীয়া 130 টকা, পিঁয়াজ 80 টকা, নহৰু 80 টকা, জহা চাউল 70 টকা প্ৰতি কিলো বিক্ৰী কৰিছে ব্যৱসায়ী সকলে |

আনহাতে, কেৰেলাত বিগত বৰ্ষত বানত ইলাচি খেতি ধ্বংস হোৱাৰ লগতে কাশ্মীৰত চলি থকা যুদ্ধংদেহী পৰিস্থিতিৰ বাবে অসমলৈ বগা ইলাচিৰ আমদানি বন্ধ হোৱাত বিভিন্ন ধৰণৰ মছলা সমূহৰ জুই চাই মূল্য বৃদ্ধি হৈছে বুলি অভিযোগ ব্যৱসায়ীসকলৰ ।

Intro:slug: as_jania_11aug_mulyo_bridhi_vis2+byt3+pho1_spl_pkg_story_asc10058

Anchor: কলগাছিয়াত ঈদ উপলক্ষে আকাশ লংঘি মুল্য বৃদ্ধি। এক হাজাৰ টকীয়া বগা ইলাচি নিশাৰ ভিতৰতে হলগৈ পাঁচ হাজাৰ টকা কিলো। ঈদ উজ্জোহাৰ সুযোগ গ্ৰহণ কৰি মধ্যভোগীয়ে মাধমাৰ খুৱাইছে গ্ৰাহকক।Body:slug: as_jania_11aug_mulyo_bridhi_vis2+byt3+pho1_spl_pkg_story_asc10058

VO: উল্লেখযোগ্য যে, কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ ঈদ উজ্জোহা উপলক্ষে কলগাছিয়াত ৰাইজে আনন্দেৰে বজাৰ কৰিবলৈ আহিছে যদিও অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ আকাশ লংঘি মুল্য বৃদ্ধিৰ ফলত চকুত সৰিয়হৰ ফুল দেখিছে দৰিদ্ৰ গ্ৰাহকে। দিন হাজিৰা কৰি পোৱা তিনিশ টকাৰে পঞ্চাচ গ্ৰাম বগা ইলাচি কিনিবলৈ সক্ষম হোৱা নাই গ্ৰাহকে। সেইদৰে পূৰ্বৰ তুলনাত প্ৰায় পাঁচ গুণ মূল্য বৃদ্ধিৰে কেচা জলকীয়া ১৬০ টকা, আদা ১২০ টকা, শুকান জলকীয়া ১৩০ টকা, পিঁয়াজ ৮০ টকা, নহৰু ৮০ টকা, জহা চাউল ৭০ টকা প্ৰতি কিলো বিক্ৰী কৰিছে ব্যৱসায়ী সকলে | স্মৰ্তব্য যে, কেৰেলাত যোৱা বৰ্ষত হোৱা বানপানীত ইলাচি খেতি ধ্বংস হোৱাৰ লগতে কাশ্মীৰত চলি থকা যুদ্ধংদেহী পৰিস্থিতিৰ বাবে অসমলৈ বগা ইলাচিৰ আমদানি বন্ধ হোৱাত বিভিন্ন ধৰণৰ মছলা সমূহৰ জুই চাই মূল্য বৃদ্ধি হৈছে বুলি অভিযোগ কৰিছে ব্যৱসায়ী সকলে। ইফালে ঈদ আৰু আনফালে বস্তুৰ নাটনি ফলত একাংশ মধ্যভোগীয়ে সুযোগ গ্ৰহণ কৰি নিজৰ খেয়াল খুচি মতে মুল্য বৃদ্ধি ঘটোৱাৰ ফলত কলগাছিয়া, খৰিচালা, ময়নবৰী, জনিয়া, হাউলী, সৰভোগ আদি বজাৰত মাধমাৰ খাইছে ৰাইজে।Conclusion:slug: as_jania_11aug_mulyo_bridhi_vis2+byt3+pho1_spl_pkg_story_asc10058

Byte: গ্ৰাহক আৰু ব্যৱসায়ীৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অখম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.