জনিয়া,18 জানুৱাৰী : বৰপেটা সদৰ থানাৰ অন্তৰ্গত জনিয়াৰ এগৰাকী 13 বছৰীয়া কিশোৰী নিৰুদ্দেশ হোৱাৰ ঘটনাই চিন্তিত কৰি তুলিছে সচেতন ৰাইজক ৷ 12 জানুৱাৰীৰ পৰাই জনিয়া ৰিজাৰ্ভৰ নিৱাসী আব্দুল ছালাম আৰু আমেলা বেগমৰ কন্যা তথা পশ্চিম বৰপেটা ছোৱালী এম ই স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী জেলেকা খাতুন সন্ধানহীন হৈ আছে ৷
ইফালে মহম্মদপুৰৰ মেহেৰ আলী নামৰ এজন লোকে জেলেকাক পলুৱাই নিয়া বুলি অভিযোগ উত্থাপন কৰিছে ছাত্ৰী গৰাকীৰ পৰিয়ালে ৷ লগতে মেহেৰ আলীয়ে ছাত্ৰী গৰাকীক নাৰী দেহ ব্যৱসায়ী চক্ৰৰ হাতত বিক্ৰী কৰা বুলি আশংকা কৰিছে ছাত্ৰী গৰাকীৰ পিতৃয়ে ৷
ঘটনা সন্দৰ্ভত ইতিমধ্যে বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰিছে জেলেকাৰ পৰিয়ালে ৷ বৰপেটা আৰক্ষীয়েও জেলেকাক উদ্ধাৰৰ অৰ্থে তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ৷ কোনো সদাশয় লোকে ছাত্ৰী গৰাকীৰ সম্ভেদ পালে ওচৰৰ থানাত নাইবা 78964-89596 ফোন নম্বৰত যোগাযোগ কৰাৰ বাবে অনুৰোধ জনাইছে জেলেকাৰ পৰিয়ালে ৷
লগতে পঢ়ক : কলগাছিয়াত ম'ৰেল পুলিচৰ ঘটনাঃ বিধৱা মহিলাক ৰছীৰে বান্ধি মাৰপিট