ETV Bharat / state

Ganja seized at Barpeta Road: ৰেল ষ্টেচনত গাঞ্জাসহ সৰবৰাহকাৰী আটক - Ganja seized at Barpeta Road railway station

বৰপেটাৰোড ৰেল ষ্টেচনত গাঞ্জা সহ আটক দুই গাঞ্জা সৰবৰাহকাৰী (Ganja seized at Barpeta Road railway station) ৷ নামনিমুৱা অবধ আছাম এক্সপ্ৰেছ ৰেলযোগে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌলৈ যাবলৈ দুয়ো ষ্টেচনৰ ১ নম্বৰ প্লেটফৰ্মত ৰেলৰ বাবে অপেক্ষা কৰি থকাৰ অৱস্থাত ৰেল আৰক্ষী আৰু ৰেলৱে সুৰক্ষা বাহিনীৰ তালাচিত গাঞ্জাসহ আটক এই দুই গাঞ্জা সৰবৰাহকাৰী ৷

Ganja seized at Barpeta Road: ৰেল ষ্টেচনত গাঞ্জাসহ সৰবৰাহকাৰী আটক

author img

By

Published : Feb 2, 2022, 4:07 PM IST

বৰপেটাৰোড, 2 ফেব্ৰুৱাৰী: বৰপেটাৰোডৰ ৰেল আৰক্ষী আৰু ৰেলৱে সুৰক্ষা বাহিনীয়ে যৌথ অভিযান চলাই ১০ কিলো গাঞ্জা সহ দুজন গাঞ্জা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Ganja seized at Barpeta Road railway station)৷ গাঞ্জা সৰবৰাহকাৰী দুজন শুকুৰ আলী আৰু নাজমা খাতুন ৷ ধৃত নাজমা খাতুনৰ ঘৰ কয়াকুছিৰ ভক্তৰদবাৰ সমীপৰ হেলচা পামত আৰু শুকুৰ আলীৰ ঘৰ বৰপেটাৰোডৰ নিচুকাত বুলি জানিব পৰা গৈছে ৷

বুধবাৰে পুৱতি নিশা বৰপেটাৰোডৰ পৰা নামনিমুৱা অবধ আছাম এক্সপ্ৰেছ ৰেলযোগে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌলৈ যাবলৈ দুয়ো বৰপেটাৰোড ৰেল ষ্টেচনলৈ আহিছিল ৷ গাঞ্জা সৰবৰাহকাৰীদ্বয়ে বৰপেটাৰোড ৰেলৱে ষ্টেচনৰ ১ নম্বৰ প্লেটফৰ্মত ৰেলৰ বাবে অপেক্ষা কৰি থকাৰ অৱস্থাত ৰেল আৰক্ষী আৰু ৰেলৱে সুৰক্ষা বাহিনীয়ে যৌথভাৱে তালাচি চলাই গাঞ্জাসহ দুই গাঞ্জা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে ৰেল আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি আদালতত হাজিৰ কৰাত আদালতে দুয়োকে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

উল্লেখ্যে যে, ৰেল আৰক্ষী আৰু ৰেলৱে সুৰক্ষা বাহিনীৰ এই সফল অভিযানক আদৰণি জনাইছে স্থানীয় দল সংগঠনে ৷ তদুপৰি স্থানীয় দল সংগঠনে কোনো লোকে যাতে ড্ৰাগছ-গাঞ্জা সৰবৰাহৰ লগতে যিকোনো অসামাজিক কাৰ্যকলাপত লিপ্ত হ'ব নোৱাৰে তাৰ বাবে পৰৱৰ্তী সময়তো ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় আৰক্ষী তথা প্ৰশাসনক দাবী জনাইছে ৷

লগতে পঢ়ক: ওপজা দিনৰ আনন্দ : মাজুলীৰ শিশুৰে আজি মুখ্যমন্ত্ৰীৰ নৈশভোজন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.