কলগাছিয়া, ৮ মাৰ্চ: আৰক্ষীৰ জালত তীৰ মাফিয়া ৷ ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আছে যদিও ইয়াৰ আড্ডা হ্ৰাস পোৱা নাই (Gambling Game in Assam) ৷ ৰাজ্য় আন ঠাইৰ লগতে বৰপেটা জিলাৰ কলগাছিয়াতো অবাধে চলি আছে তীৰ খেল । ইয়াৰ মাজতেই আৰক্ষীৰ জালত পৰিল এটা কুখ্য়াত তীৰ মাফিয়া (Gambler arrested in Klgasia)।
বৰপেটা জিলাৰ কলগাছিয়াত তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান চলাই আছে । এই অভিযানত কলগাছিয়াৰ লাচাংগাৰ পৰা এটা কুখ্যাত তীৰ মাফিয়া গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ধৃত তীৰ মাফিয়াটোৰ নাম আব্দুল মজিদ । উল্লেখযোগ্য যে বৃহত্তৰ কলগাছিয়া অঞ্চলত দীৰ্ঘদিনৰে পৰা চলি আহিছে তীৰ খেলৰ লগতে অবৈধ কাৰ্যকলাপ । তীৰ, জুৱা বৃদ্ধি পোৱাত যুৱ প্ৰজন্ম ধ্বংসৰ পথত গতি কৰিছে । ফলত বৃদ্ধি পাইছে চুৰি, ডকাইতি আৰু বিভিন্ন অসামাজিক কাৰ্যকলাপ ।
বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাচাংগাত দীৰ্ঘ দিনৰ পৰা আব্দুল মজিদে চলাই আহিছিল তীৰৰ ৰমৰমীয়া ব্যৱসায় । মঙলবাৰে সন্ধিয়া কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমকান্ত শৰ্মাৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি কুখ্যাত তীৰ মাফিয়া মজিদক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে তীৰ মাফিয়াটোৰ পৰা এটা মোবাইল, নগদ ধন চাৰি হেজাৰ টকা আৰু কিছু তীৰ খেলৰ সামগ্ৰী জব্দ কৰে ।
উল্লেখ্য যে বিগত কিছু দিনৰ ভিতৰত বৃহত্তৰ কলগাছিয়া এলেকাত তীৰৰ লগতে জুৱা খেলৰ দৰে অসামাজিক কাম ব্যাপক ভাবে বৃদ্ধি পাইছে । সেয়েহে ইয়াৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষীয়ে অভিযান ব্যাপক ভাৱে চলাই থাকিব বুলি কয় । তীৰ মাফিয়া আব্দুল মজিদক কলগাছিয়া আৰক্ষীয়ে বুধবাৰে আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁক বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰে। কুখ্যাত তীৰ মাফিয়া আব্দুল মজিদে ইয়াৰ পূৰ্বেও অবৈধ জুৱা আৰু বাল্যবিবাহৰ লগত জড়িত হৈ দুবাৰকৈ জেলৰ ভাত খাবলগীয়া হৈছিল ।