জনীয়া, 12 ছেপ্তেম্বৰ : গুৰুতৰভাৱে অসুস্থ জনীয়াৰ প্ৰাক্তন বিধায়ক শ্বেখ এছাহাক আলী ৷ দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছে জনীয়াৰ প্ৰাক্তন বিধায়কগৰাকী । বৰ্তমান গুনীয়ালগুৰিৰ বাসভৱনতে বিধায়কগৰাকীক চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ আলীৰ অসুস্থতাৰ বাতৰি পাই দেওবাৰে প্ৰাক্তন বিধায়কগৰাকীৰ স্বাস্থ্যৰ বুজ ল’বলৈ গুনীয়ালগুৰিৰ বাসভৱনত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ ।
অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে প্ৰাক্তন বিধায়কগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে অতি সোনকালে প্ৰাক্তন বিধায়কগৰাকী সুস্থ হৈ উঠাৰ কামনা কৰে ৷ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু বৰপেটা জিলা কংগ্ৰেছে বিধায়কগৰাকীৰ পৰিয়ালক যিকোনো প্ৰকাৰৰ চিকিৎসাজনিত সহায়-সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰে ৷
লগতে পঢ়ক: আমগুৰিত RCC Porcupineৰে বেকী নদীত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা
উল্লেখ্য যে, প্ৰাক্তন বিধায়ক এছাহাক আলীয়ে 1991-1996 চনলৈ আৰু 2001-2006 চনলৈ দুবাৰকৈ জনীয়া সমষ্টিৰ বিধায়কৰ পদ অলংকৃত কৰিছিল ৷ বিধায়কগৰাকীৰ অসুস্থতাৰ বাতৰিয়ে বাৰুকৈ চিন্তিত কৰি তুলিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি তথা ৰাজনৈতিক মহলক ৷ বিধায়কগৰাকীৰ অহংশূন্য মনোভাৱৰ বাবে ৰাইজৰ মাজত জনপ্ৰিয় আছিল ৷
লগতে পঢ়ক: 33 শতাংশ আসন সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ দাবী মহিলা সংগঠনৰ