ETV Bharat / state

বিশুদ্ধ পানী আৰু খাদ্যৰ অভাৱত বৰপেটাৰ বানাক্ৰান্ত - যাতায়তৰ সু-ব্যবস্থা

ৰাজ্যৰ অন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাতো বানপানীয়ে বুৰাই পেলাইছে বিস্তৰ অঞ্চল ৷ বানাক্ৰান্ত লোকসকলে বিশুদ্ধ খোৱা পানী তথা খাদ্যৰ অভাৱত জীয়াতু ভুগি অহাৰ পিচতো বানাক্ৰান্তৰ খবৰ নকৰাৰ অভিযোগ ৰাইজৰ ৷ শৌচাগাৰ, বিশুদ্ধ খোৱাপানী,দৰৱ আদি সকলো সেৱাৰ পৰা বঞ্চিত হৈ পৰিছে বানাক্ৰান্ত সকল ৷ একে সময়তে জিলাখনৰ অতি ব্যস্ততাপূৰ্ণ বনঘুগী-বট্টাৰী পি এম জি এছ উৱাই পথটো পানীৰ কোবাল সোঁতত ছিঙি যোৱাৰ ফলত আবদ্ধ হৈ পৰিছে অঞ্চলটোৰ শতাধিক লোক ।

Flood affeted people in barpeta
বিশুদ্ধ পানী আৰু খাদ্যৰ অভাৱত বৰপেটাৰ বানাক্ৰান্ত
author img

By

Published : Jul 16, 2020, 4:13 PM IST

জনীয়া,16 জুলাই : এফালে ক'ভিড-19 আৰু আনফালে বানপানীৰ তাণ্ডবে সন্ত্ৰাস চলাইছে অসমত ৷ অসমত বানপানীত বুৰ গৈছে উজনি-নামনিৰ প্ৰায় 27 খন জিলা ৷

বিশুদ্ধ পানী আৰু খাদ্যৰ অভাৱত বৰপেটাৰ বানাক্ৰান্ত

ৰাজ্যৰ অন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাতো বানপানীয়ে বুৰাই পেলাইছে বিস্তৰ অঞ্চল ৷ বানাক্ৰান্ত লোক সকলে বিশুদ্ধ খোৱা পানী তথা খাদ্যৰ অভাৱত জীয়াতু ভুগি অহাৰ পিচতো বানাক্ৰান্তৰ খবৰ নকৰাৰ অভিযোগ ৰাইজৰ ৷ শৌচাগাৰ,বিশুদ্ধ খোৱাপানী,দৰৱ আদি সকলো সেৱাৰ পৰা বঞ্চিত হৈ পৰিছে বানাক্ৰান্ত সকল ৷

তেনে সময়ত জিলাখনৰ অতি ব্যস্ততাপূৰ্ণ বনঘুগী-বট্টাৰী পি এম জি এছ উৱাই পথটো পানীৰ কোবাল সোঁতত ছিঙি যোৱাৰ ফলত আবদ্ধ হৈ পৰিছে অঞ্চলটোৰ শতাধিক লোক । গাঁওবাসীৰ অভিযোগ অনুসৰি,বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাৰ পিচতো কোনো ধৰণৰ খবৰ নকৰাৰ অভিযোগ ৰাইজৰ ৷ তাৎক্ষণিক ভাৱে ৰাইজে যাতায়তৰ সু-ব্যবস্থা কৰি দিবলৈ বৰপেটা গড়কাপ্তানি বিভাগক দাবী জনাইছে ৷ উল্লেখ্য যে,প্ৰতি বছৰে একে ঠাইতে পথটো খহি যোৱাৰ কাৰণে উক্ত স্থানত এটা কালভাৰ্ট নিৰ্মাণ কৰাৰ দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক : লুইতৰ বানত বিধ্বস্ত বঙাইগাঁৱৰ বিস্তৰ অঞ্চল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.