কলগাছিয়া,১২ আগষ্ট: কলগাছিয়াৰ বিলৰটাৰী গাঁৱৰ ছোৰহাব আলীৰ ঘৰত মঙ্গলবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড । এই অগ্নিকাণ্ডত দুটাকৈ বাসগৃহৰ লগতে বাসগৃহটোত থকা ধান, হাহঁ কুকুৰা আৰু বহু মুল্যবান সা সামগ্ৰী জাহ যায় ।
ঘটনা সন্দৰ্ভত ইতিমধ্যে ছোৰহাব আলীয়ে কলগাছিয়া আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে । আৰক্ষী থানাত দাখিল কৰা গোচৰত হালধীয়া গাঁৱৰ সহিদুল ইছলাম, লাচাংগা গাঁৱৰ ৰাজু আৰু মনাকোছা গাঁৱৰ জহিৰ উদ্দিন নামৰ তিনিজন যুৱকৰ নাম উল্লেখ কৰিছে । ঘটনাৰ বিৱৰণি দি এজাহাৰত উল্লেখ কৰা মতে, এই তিনি যুৱকে মিলি মঙ্গলবাৰে নিশা ছোৰহাব আলীৰ বাসগৃহত অগ্নি সংযোগ কৰিছিল ।
উল্লেখ্য যে, মংগলবাৰে সন্ধিয়া এজাহাৰকাৰী ছোৰহাব আলীৰ দুই পুত্ৰৰ লগত অভিযুক্ত সহিদুল, ৰাজু, আৰু জহিৰ উদ্দিনৰ লগত টকাৰ লেনদেন সম্বন্ধত এখন কাজিয়াৰ সুত্ৰপাত হৈছিল আৰু কাজিয়া স্থলীতেই তেওঁলোকৰ বাসগৃহটো জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিল ।
একে দিনা নিশাই ইয়াৰ প্ৰতিশোধ কল্পে এজাহাৰত উল্লেখিত তিনি যুৱকে তেওঁলোকৰ বাসগৃহ জ্বলাই দিয়াৰ অভিযোগ তুলিলে বাসগৃহটোৰ গৰাকী ছোৰহাব আলীয়ে ।
ইতিমধ্যে কলগাছিয়া আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও অভিযুক্ত তিনি যুৱকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই ।