ETV Bharat / state

পুত্ৰক অপহৰণ কৰি ৰঙাঘৰত পিতৃ

author img

By

Published : Jul 27, 2019, 7:54 PM IST

পুত্ৰক অপহৰণ কৰি ৰঙাঘৰৰ আলহী হ'বলগীয়া হ'ল আমিনুৰ ৰহমান নামৰ এজন পাষাণ পিতৃ ৷ শনিবাৰে দুপৰীয়া পথৰ দাঁতিত খেলি থকা অৱস্থাতে পুত্ৰ ৰিয়াজুলক অপহৰণ কৰি মটৰ চাইকেলত উঠাই লৈ যায় আমিনুৰে ৷ ৰাইজে আমিনুৰক আটক কৰি কলগাছিয়া আৰক্ষীক গতাই দিয়াৰ লগতে ৰিয়াজুলক উদ্ধাৰ কৰে ।

পুত্ৰক অপহৰণ কৰি ৰঙাঘৰত পিতৃ

জনীয়া, জুলাই 27 : কলগাছিয়াৰ বেচিমাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ পুত্ৰক অপহৰণ কৰি ৰঙাঘৰৰ আলহী হ'বলগীয়া হ'ল আমিনুৰ ৰহমান নামৰ এজন পাষাণ পিতৃ ৷ ঘটনাৰ তথ্য অনুসৰি, 7 বছৰ পূৰ্বে বেচিমাৰীৰ আঞ্জুৱাৰা বেগমৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল ঘুগুবাৰীৰ আমিনুৰ ৷ বিবাহৰ চিন স্বৰূপে তেওঁলোকৰ জীৱনলৈ আহে এটি পুত্ৰ সন্তান ৷ কিন্তু বিয়াৰ তিনি বছৰৰ পাচত পত্নী-পুত্ৰক এৰি আন এগৰাকী মহিলাক বিয়া কৰাই আমিনুৰে ৷ পুত্ৰ সহিতে প্ৰথমা পত্নীক ঘৰৰ পৰা খেদি দিয়াত আঞ্জুৱাৰাই আশ্ৰয় গ্ৰহণ কৰে পিতৃ গৃহত ৷ স্বামী আমিনুৰে প্ৰথমা পত্নী আৰু পুত্ৰ কোনো খবৰ নোলোৱাৰ লগতে ভৰণ-পোষণৰ বাবে খা-খৰচ নিদিয়াত আঞ্জুৱাৰা আৰু পৰিয়ালে আমিনুৰৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰে ৷ কিন্তু শনিবাৰে দুপৰীয়া পথৰ দাঁতিত খেলি থকা অৱস্থাতে পুত্ৰ ৰিয়াজুলক অপহৰণ কৰি মটৰ চাইকেলত উঠাই লৈ যায় আমিনুৰে ৷

পুত্ৰক অপহৰণ কৰি ৰঙাঘৰত পিতৃ

এই ঘটনা প্ৰত্যক্ষ কৰি চুবুৰীয়াই ফোনযোগে লাচংগা বজাৰত খবৰ দিয়াত বজাৰত থকা ৰাইজে আমিনুৰক আটক কৰি কলগাছিয়া আৰক্ষীক গতাই দিয়াৰ লগতে ৰিয়াজুলক উদ্ধাৰ কৰে । আনহাতে ৰিয়াজুল নামৰ কণমাণিটোৱে পিতৃক চিনি নাপাই কন্দা-কটা কৰাত শিশুটিক মাৰ-পিটো কৰে পাষাণ পিতৃগৰাকীয়ে ৷ এই ঘটনাই সমগ্ৰ অঞ্চলটোতে সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷

Intro:slug: as_jania_27jul_father_kidnapped_son_vis2+byt2_spl_package_story_asc10058

জনীয়া, ২৭ জুলাই: কলগাছিয়াৰ বেছিমাৰীত পুত্ৰক অপহৰন কৰিলে পিতৃয়ে। অপহৰণ কৰি লৈ যোৱা অৱস্থাত ৰাইজে পাষাণ পিতৃক আটক কৰি গতাই দিলে আৰক্ষীক।Body:slug: as_jania_27jul_father_kidnaped_son_vis2+byt2_spl_package_story_asc10058

এইবাৰ পুত্ৰক অপহৰণ কৰি ৰঙা ঘৰৰ আলহী হল এক পাষাণ পিতৃ। আমিনুৰ ৰহমান নামৰ পাষাণ পিতৃয়ে মটৰ চাইকেলেৰে ৰিয়াজুল ইছলাম নামৰ ৫ বছৰীয়া পুত্ৰক কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বেচিমাৰীৰ পথৰ পৰা অপহৰণ কৰি লৈ যোৱা অৱস্থাত লাচংগা বজাৰত আটক কৰি ৰিয়াজুলক উদ্ধাৰ কৰে ৰাইজে। উল্লেখ্য যে, ৭ বছৰ পূৰ্বে বেচিমাৰী গাঁওৰ আবুল হুছেইনৰ কন্যা আঞ্জুৱাৰা খাতুনৰ ঘুগুবাৰী গাঁওৰ আব্দুৰ ৰাশিদৰ পুত্ৰ আমিনুৰ ৰহমানৰ লগত বিবাহ হৈছিল। বিয়াৰ তিনি বছৰ পিছত আমিনুৰ ৰহমানে ১ বছৰীয়া পুত্ৰ ৰিয়াজুল ইছলাম আৰু পত্নীক এৰি থৈ দ্বিতীয় বিবাহ কৰি পলায়ন কৰাত আমিনুৰৰ পৰিয়ালে পত্নীক পুত্ৰৰ সৈতে খেদি দিয়াত বেচিমাৰীৰ পিতৃগৃহত আশ্ৰয় লয় আঞ্জুৱাৰাই। স্বামী আমিনুৰে পত্নী আৰু পুত্ৰৰ কোনো খবৰ নোলোৱাত আৰু খৰছ নিদিয়াত এই সম্পৰ্কে আমিনুৰৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰে। কিন্তু আজি হঠাৎ আমিনুৰে বেচিমাৰীত উপস্থিত হৈ পথৰ ওপৰত খেলি থকা পুত্ৰক বলপূৰ্বক মটৰ চাইকেলত লৈ পলায়ন কৰে। পিছত ফোনযোগে লাচংগা বজাৰত খবৰ দিয়াত বজাৰত থকা ৰাইজে আমিনুৰক আটক কৰি কলগাছিয়া আৰক্ষীক গতাই দিয়াৰ লগতে ৰিয়াজুলক উদ্ধাৰ কৰে। পুত্ৰ ৰিয়াজুলে পিতৃ আমিনুৰক চিনি নাপাই কন্দা-কটা কৰাত পুত্ৰক মাৰপিটো কৰে আমিনুৰে।Conclusion:slug: as_jania_27jul_father_kidnapped_son_vis2+byt2_spl_package_story_asc10058

মন্তব্য: আঞ্জুৱাৰাৰ ভাই আৰু মাতৃৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.