বৰপেটা,9এপ্ৰিল: ক্ৰমাৎ অসামাজিক কাৰ্যকলাপৰ ঘাটি হৈ পৰিছে বৰপেটাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ ড্ৰাগচকে ধৰি জালনোট সৰবৰাহৰ ঘাটিলৈ পৰিণত হৈছে বৰপেটা জিলাৰ বিভিন্ন অঞ্চল ৷ বৃহস্পতিবাৰে নিশা বৰপেটাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন ধাবাত উদ্ধাৰ বৃহৎ পৰিমানৰ জালনোট । বৰপেটাৰোডৰ বি এইছ কলেজৰ সমীপৰ এখন ধাবাত এহাল যুৱক-যুৱতীৰ পৰা উদ্ধাৰ কৰে জালনোটখিনি ৷
ঘটনা অনুসৰি বৰপেটা ৰোডৰ কাজকন্যা নামৰ ধাবাখনত নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ আহি যুৱক-যুৱতী হালে 4 খন 200 টকীয়া জালনোট দিয়াৰ পাচতে মেনেজাৰে গ্ৰহণ নকৰাত এক হুলুস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে যুৱক-যুৱতী হালে ৷ ধাবাৰ মেনেজাৰে নোটখিনি জাল বুলি সন্দেহ কৰি সোধপোছ কৰাত ওলোটাই মেনেজাৰকে ধমকি দিয়ে দুই যুৱক যুৱতীয়ে ৷ নিজকে আৰক্ষীৰ লোক বুলি পৰিচয় দি মেনেজাৰ গৰাকীক অশালীন ব্যৱহাৰ কৰাত ধাবা কৰ্তৃপক্ষই হাউলী আৰক্ষীক খবৰ দিয়ে ৷
লগতে পঢ়ক: নগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ