কলগাছিয়া, 1 ডিচেম্বৰঃ কলগাছিয়াৰ সাওৰাচৰাত আজৱ প্ৰেমকাহিনী ৷ একেখন গাঁৱৰ এজন যুৱকৰ সৈতে ফেচবুক প্ৰেমতলিপ্ত দুই সন্তানৰ মাতৃ ৷ উল্লেখ্য যে, বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত সাওৰাচৰা গাঁৱৰ এইগৰাকী দুই সন্তানৰ মাতৃৰ সৈতে ফেচবুকৰ জৰিয়তে একে গাঁৱৰে ছানোৱাৰ হুছেইনৰ মাজত স্থাপন হৈছিল অবৈধ প্ৰেমৰ সম্পৰ্ক । প্ৰেম ইমানেই গভীৰ পালে যে, কেইবাবাৰো শাৰিৰীক সম্পৰ্ক গঢ়ি উঠিল দুই প্ৰেমিকৰ মাজত ৷ কিন্তু তিনিমহীয়া ফেচবুক প্ৰেমত হঠাৎ লাগিল অথন্তৰ ৷
প্ৰেমিকৰ ঘৰত প্ৰেমিকা উপস্থিত হোৱাত পলায়ন প্ৰেমিকৰ ৷ প্ৰেমিকক বিচাৰি নাপাই কান্দোনত ভাগি পৰি অচেতন হৈ পৰে প্ৰেমিকা । পৰিয়ালবৰ্গৰ মাজত সৃষ্টি হয় হুৱাদুৱা ৷ মূৰত পানী ঢ়ালি চেতনা ঘূৰাই আনে স্থানীয় ৰাইজে ৷
এতিয়া প্ৰেমিকাৰ ভাবুকি ‘‘মই মৰিলেও নাইবা জীয়াই থাকিলেও ছানোৱাৰৰ ঘৰতেই থাকিম ৷ মই মৰিলে মোৰ মৃত্যুৰ বাবে দায়ী হ’ব ছানোৱাৰৰ পৰিয়াল ।’’ সম্প্ৰতি এই ঘটনাক লৈ উত্তেজনা কলগাছিয়াৰ সাওৰাচৰাত ৷ অৱশেষত বৰভিটা আৰক্ষী চকীৰ কাষ চাপে ভুক্তভোগী পৰিয়ালৰ লোকে ৷
লগতে চাওক-লণ্ডন বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আইছিছৰ