ETV Bharat / state

নিচামুক্ত সমাজ গঢ়াৰ উদ্দেশ্যে শদিয়াৰ পৰা ধুবুৰীলৈ পদযাত্ৰা যুৱকৰ - যোগ প্ৰশিক্ষক

নিচামুক্ত সমাজ গঢ়াৰ উদ্দেশ্যে পাঠশালাৰ যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ ৷ খোজকাঢ়ি ধুবুৰীৰ পৰা শদিয়ালৈ যোৱাৰ লক্ষ্য যুৱকজনে ৷

exceptional-initiative-of-the-youth-for-the-purpose-of-building-a-free-society
নিচামুক্ত সমাজ গঢ়াৰ উদ্দেশ্যে পাঠশালাৰ যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ
author img

By

Published : Dec 16, 2020, 10:31 PM IST

পাঠশালা, 16 ডিচেম্বৰ : পাঠশালাৰ এগৰাকী যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ ৷ নিচামুক্ত সমাজ গঢ়াৰ স্বাৰ্থত খোজকাঢ়ি ধুবুৰীৰ পৰা পাঠশালাত উপস্থিত হ'ল যুৱকজন ৷

খনিন ৰয়ৰ মন্তব্য

উল্লেখ্য যে, ব্যতিক্ৰমী কাম কৰি ভাল পোৱা খনিন ৰয় নামৰ যুৱকজনে সম্প্ৰতি ধুবুৰীৰ পৰা খোজ কাঢ়ি পাঠশালাত উপস্থিত হৈছে ৷ নিচামুক্ত সমাজ গঢ়াৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত জনজাগৰণ সৃষ্টি কৰাৰ উদ্দেশ্যে খোজকাঢ়ি শদিয়ালৈ যোৱাৰ লক্ষ্য বান্ধিছে যুৱকজনে ৷

খনিন ৰয়ৰ বন্ধুৰ মন্তব্য

মঙলবাৰে পুৱাৰ ভাগত যুৱকজন পাঠশালাত উপস্থিত হোৱাৰ লগে লগে পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ ব্যতিক্ৰমী কাম কৰি ভাল পোৱা যুৱকজনে যাত্ৰা পথৰ সমস্ত খৰচ নিজেই বহন কৰিছে ৷

উল্লেখ্য যে, বৰ্তমান খনিন ৰয় যোগ প্ৰশিক্ষক হিচাপেও কৰ্মৰত ৷ ইয়াৰ উপৰিও দুবছৰ পূৰ্বে যুৱকজনে ভৰ বাৰিষা ব্ৰহ্মপুত্ৰ সাঁতুৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৷

লগতে পঢ়ক : সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানিয়েই নগাঁৱত অনুষ্ঠিত হ'ব তিৱা স্বায়ত শাসিত পৰিষদৰ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.