ETV Bharat / state

দোকানত প্ৰশাসনৰ বুলডজাৰ, বিহপান কৰি আত্মহত্যাৰ ভাবুকি ভুক্তভোগীৰ - কলগাছিয়া ৰাজহ চক্ৰ

"লাগিলে আমাক গ্ৰেপ্তাৰ কৰক তথাপি আমাৰ দোকান নাভাঙিব। আমাক বিকল্প ব্যৱস্থা নকৰালৈকে আমি ইয়াৰ পৰা উঠি নাযাওঁ আমি ইয়াতেই বহি থাকিম" - ভুক্তভোগী (eviction in kalgachia)

Eviction in Kalgachia
কলগাছিয়াৰ ১৬ খনকৈ দোকানত প্ৰশাসনৰ বুলডজাৰ
author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 9:29 AM IST

কলগাছিয়াৰ ১৬ খনকৈ দোকানত প্ৰশাসনৰ বুলডজাৰ

জনীয়া, 23 নৱেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বুধবাৰে কলগাছিয়াত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত থকা 16 খনকৈ কৈ দোকান গৃহত প্ৰশাসনে উচ্ছেদ অভিযান চলায়। ইয়াৰ পিচতে উচ্ছেদিত ভুক্তভোগীসকলে কান্দোনত ভাঙি পৰে।

একমাত্ৰ দোকানৰ ওপৰত ভিত্তি কৰি পৰিয়াল পোহপাল দিয়া ভুক্তভোগীসকলে বিকল্প ব্যৱস্থা কৰি দিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কাতৰ আহ্বান জনাইছে। ক্ষুদ্ধ ভুক্তভোগীসকলে কয়, "লাগিলে আমাক গ্ৰেপ্তাৰ কৰক তথাপি আমাৰ দোকান নাভাঙিব। আমাক বিকল্প ব্যৱস্থা নকৰালৈকে আমি ইয়াৰ পৰা উঠি নাযাওঁ আমি ইয়াতেই বহি থাকিম।"

কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই মঙলবাৰে মাইকযোগে সেই ঠাইত দোকান দি পৰিয়াল পোহপাল দিয়া দোকানীসকলক নিজেই দোকানগৃহ ভাঙি দিবলৈ আহ্বান জনাইছিল ৷ লগতে দোকানীসকলক চৰকাৰী ভূমি খালি কৰাৰ জাননী প্ৰদান কৰিছিল । প্ৰশাসনে জাননী প্ৰদান কৰাৰ পিচতেই বুধবাৰে পুৱাৰ পৰা নিজাববীয়াকৈ ঘৰ ভাঙি লৈ যাবলৈ আৰম্ভ কৰে।

স্মৰ্তব্য যে, কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ৰ সম্মুখত থকা পদপথৰ কাষত প্ৰশাসনৰ জ্ঞাতসাৰেই প্ৰায় 15 বছৰ ধৰি দোকান চলাই আহিছিল এইসকল দোকানীয়ে । কিন্তু বৰপেটা অসামৰিক চিকিৎসালয়ৰ আৰু ৰাজহ চক্ৰ কাৰ্যালয়ৰ কাৰ্য সম্পাদনত অসুবিধাৰ সৃষ্টি হোৱাৰ বাবে বৰপেটা জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে যোৱা 16 দিন পূৰ্বে উক্ত বেদখলকাৰীক দোকান ঘৰ ভাঙি লৈ যাবলৈ জাননী প্ৰদান কৰিছিল কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই।

কিন্তু 15 দিন উকলি যোৱাৰ পিচতো দোকানীসকলে উঠি নোযোৱাত মঙলবাৰে বৰপেটা জিলা প্ৰশাসনৰ নিৰ্দেশ মতে কলগাছিয়া ৰাজহ চক্ৰ বিষয়া চন্দনা বৰুৱা বিৰকমিয়াই পুনৰ মাইকযোগে চৰকাৰী ভূমি খালি কৰাৰ মৌখিক ঘোষণা কৰে ৷

কিন্তু বুধবাৰে ৰাতিপুৱা প্ৰশাসনে ঠাইখনত উচ্ছেদ কৰাৰ উদ্দেশ্য বুলডজাৰ অনাৰ লগে লগে বেদখলকাৰীয়ে নিজৰ নিজৰ দোকান ঘৰসমূহ ভাঙি লৈ যায় ৷ কান্দোনত ভাঙি পৰি পৰিয়ালকেইটাই বিকল্প ব্যস্থা কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনায়। একমাত্ৰ দোকানৰ ওপৰত নিৰ্ভৰ কৰা এইকেইটা পৰিয়ালক বিকল্প ব্যৱস্থা নকৰিলে বিহপান কৰি আত্মহত্যা কৰিব বুলিও ভাবুকি প্ৰদান কৰে ৷

লগতে পঢ়ক: ডিৰাকত ভাৰতীয় সেনা বাহিনীৰ শিবিৰৰ সন্মুখত গ্ৰেনেড নিক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.