ETV Bharat / state

Gunotsav 2023 in Assam: গুণোৎসৱে চৰকাৰী শিক্ষা খণ্ডৰ মান উন্নত কৰিছে: ননীগোপাল মহন্ত - Lovlina Borgohain

বৰপেটাত বৃহস্পতিবাৰৰ পৰা গুণোৎসৱৰ বহি:মূল্যায়কৰ দ্বাৰা মূল্যায়ন আৰম্ভ । জিলাখনৰ জুৰোৰাম পাঠক ছোৱালী হাইস্কুলত শিক্ষা উপদেষ্টা ড৹ ননীগোপাল মহন্তই অংশগ্ৰহণ কৰি শিক্ষাৰ্থীসকলক অধ্য়য়নত মনোনিৱেশ কৰিবলৈ আহ্বান জনায় । আনহাতে, উপায়ুক্ত আয়ুস গাৰ্গেও গনককুছি আদৰ্শ বিদ্যালয়ত এই মূল্যায়নত অংশগ্ৰহণ কৰে (Gankakusi Model School) ৷

Gunotsav in Barpeta
বৰপেটাত গুণোৎসৱৰ বহি:মূল্যায়কৰ দ্বাৰা মূল্যায়ন
author img

By

Published : Jan 19, 2023, 6:34 PM IST

বৰপেটাত গুণোৎসৱৰ বহি:মূল্যায়কৰ দ্বাৰা মূল্যায়ন

বৰপেটা, ১৯ জানুৱাৰী: ৰাজ্যত বুধবাৰৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ জিলাসমূহৰ ভিতৰত অন্যতম হৈছে বৰপেটা (Gunotsav in Barpeta)। এই জিলাখনত বুধবাৰৰ পৰা আৰম্ভ হোৱা গুণোৎসৱৰ বহি:মূল্যায়কৰ দ্বাৰা মূল্যায়ন বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে । উল্লেখ্য় যে বুধবাৰে জিলাখনৰ বিদ্যালয়সমূহত স্ব-মূল্যায়ন সম্পন্ন হয় । বৃহস্পতিবাৰে বহি:মূল্যায়ক ৰূপে বৰপেটাৰ জুৰোৰাম পাঠক ছোৱালী হাইস্কুলত অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড৹ ননীগোপাল মহন্তই অংশগ্ৰহণ কৰে (Juroram Pathak Girls High School)।

পুৱা শিক্ষা উপদেষ্টা ড৹ ননীগোপাল মহন্ত শিক্ষানুষ্ঠানখনত উপস্থিত হোৱাৰ পাছতে তেওঁক ছাত্ৰীসকলে আদৰণি জনায় (Education Advisor Dr Nanigopal Mahanta)। তাৰ পিছতেই বিদ্যালয়খনৰ নিয়মীয়া কাৰ্যসূচী হিচাপে প্ৰাত:সভা অনুষ্ঠিত হয় । ইয়াত ছাত্ৰীসকলে প্ৰাৰ্থনা পৰিবেশন, লঘু কচৰৎ প্ৰদৰ্শন, শপত গ্ৰহণ আদি কাৰ্যসূচী ৰূপায়ণ কৰে । এই সকলোবোৰ শিক্ষা উপদেষ্টাগৰাকীয়ে পৰ্যবেক্ষণ কৰি ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায় ।

শিক্ষা উপদেষ্টা ড৹ ননীগোপাল মহন্তই কয় যে গুণোৎসৱে অসমৰ চৰকাৰী শিক্ষা খণ্ডৰ মান যথেষ্ঠ উন্নত কৰিছে । প্ৰতি বছৰে গুণোৎসৱ অনুষ্ঠিত কৰাত গুৰত্ব আৰোপ কৰি শিক্ষা উপদেষ্টাগৰাকীয়ে কয় যে ইয়াৰ ফলত শিক্ষানুষ্ঠানসমূহত থকা দুৰ্বলতাবোৰ পোহৰলৈ আহে । সেইবোৰ আঁতৰ কৰাত চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব পাৰে বুলি তেওঁ কয় । শিক্ষা উপদেষ্টাগৰাকীয়ে ছাত্ৰীসকলক নিজৰ প্ৰতিভা বিকাশ কৰাত গুৰুত্ব দিবলৈ আহ্বান জনায় । ইয়াৰ উদাহৰণ হিচাপে অসমৰ নাম বিশ্বৰ বুকুত উজলোৱা খেলুৱৈদ্বয় লাভলীনা বৰগোহাই আৰু হিমা দাসৰ নাম উল্লেখ কৰে (Lovlina Borgohain) ।

উল্লেখযোগ্য যে বৰপেটা জিলাত এইবাৰ ২,২১৮ খন প্ৰাথমিক, মাধ্যমিক আৰু হাইস্কুলত গুণোৎসৱ অনুষ্ঠিত হৈছে । এই শিক্ষানুষ্ঠান সমূহত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ২,৬২,৫৩৭ গৰাকী । ১,১৫৭ গৰাকী বহি: মূল্যায়ক জিলাখনত নিয়োগ কৰা হৈছে । ইপিনে,বৰপেটাৰ উপায়ুক্ত আয়ুস গাৰ্গেও গনককুছিৰ আদৰ্শ বিদ্যালয়ত উপস্থিত হৈ মূল্যায়নত অংশগ্ৰহণ কৰে ৷ তেওঁ ছাত্ৰীসকলৰ এইক্ষেত্ৰত সহাৰি আশাব্য়ঞ্জক বুলি মন্তব্য় কৰে ।

লগতে পঢ়ক:Meghalaya assembly election 2023: মেন্দিপথাৰত নিৰ্বাচনী ৰণ ডংকা বজালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.