ETV Bharat / state

গাঁঠিৰ ধন ভাঙি বেকী নৈৰ খহনীয়া ৰোধৰ চেষ্টা ৰাইজৰ

author img

By

Published : Jul 27, 2021, 10:31 AM IST

কলগাছিয়াৰ কাউৰজাহীত কাঠৰ পাইলিং পুতি বেঁকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ প্ৰচেষ্টা ৰাইজৰ । স্থায়ী প্ৰতিৰোধ গঢ়ি তুলিবলৈ চৰকাৰলৈ আহ্বান ৷

Erosion Protection by Public At Kalgasia,Barpeta District
পাইলিং পুতি খহনীয়া প্ৰতিৰোধৰ অপ্ৰাণ চেষ্টা ৰাইজৰ

জনীয়া, 27 জুলাই : কলগাছিয়া ৰাজহচক্ৰৰ অন্তৰ্গত কাউৰজাহী গাঁৱত বিগত এসপ্তাহ ধৰি বেকী নৈৰ (Beki River)) খহনীয়াই কালৰূপ ধাৰণ কৰিছে । যিকোনো মূহুৰ্ততে আপোন ঘৰ, খেতি মাটি হেৰুওৱাৰ শংকাত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে নৈপৰীয়া ৰাইজে ৷ এনে পৰিস্থিতিত চৰকাৰে খহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়া বুলি অভিযোগ উত্থাপন কৰিছে নৈপৰীয়া ৰাইজে ৷ অৱশেষত গাঁঠিৰ ধন ভাঙি পাইলিং পুতি খহনীয়া প্ৰতিৰোধৰ অপ্ৰাণ চেষ্টা ৰাইজৰ ৷

আনহাতে, খহনীয়াৰ বাবে গৃহহীন হৈ পৰা পৰিয়ালবোৰে মুকলি আকাশৰ তলত নিশা কটাবলগীয়া হৈছে ৷ কেইবাটাও পৰিয়ালৰ ঘৰ-মাটি উচন হোৱাত আতংকিত হৈ পৰিছে নৈপৰীয়া লোকসকল । ইতিমধ্যে খহনীয়াত উচন হৈছে বিঘাই বিঘাই ধান, মৰাপাটৰ খেতি । কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰজাহী, বলাইপাথাৰ , খাৰবাল্লী, আমগুৰী আৰু শওপুৰ গাঁৱকে ধৰি বিভিন্ন প্ৰান্তত প্ৰায় এমাহ ধৰি অব্যাহত আছে বেকী নৈৰ বিধ্বংসী গৰাখহনীয়া

উল্লেখ্য যে, কাউৰজাহীৰ উজনিত মূল বেকী নৈৰ পৰা ওলাই অহা সুঁতিটোৱে প্ৰায় এমাহ পূৰ্বে হঠাতে গতি পথ সলনি কৰে ৷ ফলত উক্ত অঞ্চল সমূহ অভাৱনীয় গৰাখহনীয়াৰ কৱলত পৰে ৷ নৈ খনৰ এই খহনীয়াত ইতিমধ্যে শতাধিক মানুহৰ ঘৰ-দুৱাৰ মাটি-ভেটি আৰু শ শ বিঘা শস্য শ্যামলা কৃষি ভূমি নদীৰ বুকুত জাহ গৈছে ।

লগতে পঢ়ক : বেকী নৈৰ খহনীয়াই বিপদ মাতিছে জনীয়াৰ ছনপুৰাত

বছৰ বছৰ ধৰি বেকী নৈৰ বান আৰু খহনীয়াত উচন হৈছে বহু পৰিয়াল ৷ কিন্তু আজি লৈকে নৈ খনৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ কোনো এখন চৰকাৰেই উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ কৰে ৷ গৰাখহনীয়া প্ৰতিৰোধ নকৰাৰ ফলতে প্ৰত্যেক বছৰতে শ-শ লোকে ঘৰ মাটি ভেটি হেৰুৱাবলগীয়া হয় বুলি অভিযোগ কৰিছে নৈপৰীয়া ৰাইজে ৷

সম্প্ৰতি কলগাছিয়াৰ পৰা মোৱামাৰী লাচাংগা পকী পথটোলৈও নৈ খনে তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে । এনেদৰে খহনীয়া অব্যাহত থাকিলে কিছুদিন পিছতেই নৈ খনৰ বুকত জাহ যাব পথটো ৷ পথটো জাহ গ'লে এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়াত স্তব্ধ হৈ পৰা শংকা হোৱা দেখা গৈছে ।

এনে পৰিস্থিতিত চৰকাৰে খহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়া স্থানীয় ৰাইজে গাঁঠিৰ ধন ভাঙি পাইলিং পুতিয়েই খহনীয়া প্ৰতিৰোধ কৰিবলৈ ওলাই আহে ৷ অতিশীঘ্ৰে নৈ খনৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে নৈপৰীয়া ৰাইজে ৷

লগতে পঢ়ক : কলগাছিয়াৰ কাউৰজাহীত বেকী নৈৰ ভয়াৱহ খহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.