ETV Bharat / state

গৰাখহনীয়াৰ ফলত পদপথত আশ্ৰয় বাঘবৰবাসীৰ - জিঅ’ বেগ

বাঘবৰৰ হাপাচৰ গাঁৱত হোৱা মানাহ নৈৰ বিধ্বংসী গৰাখহনীয়াৰ ফলত পদপথত আশ্ৰয় লৈছে গাঁওবাসী ৷ চৰকাৰী জিঅ’ বেগৰ আধাৰশিলা স্থাপন কৰাৰ পাচতো কোনো কাম নকৰাৰ বাবে ক্ষোভিত হৈছে ভুক্তভোগী ৰাইজ ৷

erosion in baghbar
বাঘবৰত গৰাখহনীয়া
author img

By

Published : Dec 16, 2020, 12:00 PM IST

জনীয়া,16 ডিচেম্বৰ : বৰপেটা জিলাৰ বাঘবৰৰ হাপাচৰ গাঁৱত বিধ্বংসী গৰাখহনীয়া । পদপথত আশ্ৰয় লৈছে খহনীয়াগ্ৰস্ত লোকসকলে ৷ কোনো কাম নকৰাকৈ নৈৰ পাৰত পেলাই থোৱা হৈছে চৰকাৰী জিঅ’ বেগসমূহ ৷

erosion in baghbar
বাঘবৰত গৰাখহনীয়া

উল্লেখ্য যে, কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত তথা বাঘবৰ সমষ্টিৰ হাপাচৰ গাঁৱত মানাহ নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ ভেটি উচন যোৱাৰ লগতে খেতি পথাৰসমূহ নৈৰ বুকুত জাহ যোৱাত সৰ্বস্বান্ত হৈ পৰিছে ৰাইজ । আনহাতে গাঁওখনত গৰাখহনীয়া প্ৰতিৰোধৰ নামত বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে জিলা উপায়ুক্তৰ উপস্থিতিত 3 কোটি 50 লাখ টকাৰ জিঅ' বেগৰ আধাৰশিলা স্থাপন কৰিছিল যদিও নামমাত্ৰ কেইটামান জিঅ’ বেগত বালি ভৰাই কাম নকৰাকৈ নৈৰ পাৰত পেলাই থোৱাত ক্ষোভিত হৈ পৰিছে ভুক্তভোগী ৰাইজ ।

জিঅ’ বেগৰ কাম নকৰাৰ ফলত মানাহ নৈৰ গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি এইদৰে খহাই নিছে নৈপৰীয়া লোকৰ ভেটি-মাটি । সম্প্ৰতি খহনীয়াগ্ৰস্ত লোকসকলে পথত আশ্ৰয় গ্ৰহণ কৰাৰ পাচতো বিধায়ক শ্বেৰমান আলী আহমেদে ক্ষতিগ্ৰস্ত লোকসকলৰ খবৰ লবলৈ আহৰি পোৱা নাই । সেয়েহে শীঘ্ৰেই খহনীয়া প্ৰতিৰোধৰ স্থায়ী ব্যৱস্থা হাতত ল’বলৈ চৰকাৰক দাবী জনাইছে বাঘবৰবাসীয়ে ।

লগতে পঢ়ক : মৰিগাঁৱত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ তৎপৰ জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.