ETV Bharat / state

কলগাছিয়াত বেকী নৈৰ গৰাখহনীয়াৰ কালৰূপ - কাউৰজাহীত বেকী নদীৰ গৰাখহনীয়া

গৰাখহনীয়াৰ কৱলত পৰি বিগত এক সপ্তাহত উছন হৈছে দহটাকৈ পৰিয়ালৰ মাটি ভেটি ৷ উপায়ন্তৰ হৈ ঘৰ দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ যাত্ৰা কৰিছে খহনীয়াগ্ৰস্ত ৰাইজে ৷

Erosion by Beki river at Kalgasia
কলগাছিয়াত বেকী নৈৰ গৰাখহনীয়াৰ কালৰূপ
author img

By

Published : Oct 5, 2020, 10:53 AM IST

জনীয়া, 5 অক্টোবৰ: কলগাছিয়াৰ কাউৰজাহীত অব্যাহত আছে বেকী নৈৰ বিধ্বংসী গৰাখহনীয়া ৷ বিগত এক সপ্তাহত উছন হৈছে দহটাকৈ পৰিয়ালৰ মাটি ভেটি ৷ উপায়ন্তৰ হৈ ঘৰ দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ যাত্ৰা কৰিছে খহনীয়াগ্ৰস্ত ৰাইজে ৷ নৈৰ বুকুত জাহ গ'ল বিঘাই বিঘাই শস্য শ্যামলা খেতি পথাৰ ৷ খহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে ৰাইজে ৷

Erosion by Beki river at Kalgasia
এক সপ্তাহত উছন হৈছে দহটাকৈ পৰিয়ালৰ মাটি ভেটি

উল্লেখযোগ্য যে, কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰজাহীত বেকী নদীৰ গৰাখহনীয়াৰ কৱলত পৰি যোৱা এক সপ্তাহত উচন হৈছে দহটাকৈ পৰিয়ালৰ ঘৰ ভেটি ৷ ইয়াৰ ওপৰিও নৈৰ বুকুত জাহ গৈছে বিঘাই বিঘাই কৃষি ভুমি ৷ ফলত উপায়ন্তৰ হৈ পৰিছে সৰ্বহাৰা হৈ পৰিছে নৈ পৰীয়া ৰাইজ ৷ ইফালে চৰকাৰ বা প্ৰশাসনে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত অৱশিষ্ট নিজৰ ঘৰ দুৱাৰ সমূহ ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে ভূক্তভোগীয়ে ৷

কলগাছিয়াত বেকী নৈৰ গৰাখহনীয়াৰ কালৰূপ

বিগত বানপানীৰ পিছৰে পৰাই এইদৰে চপৰা চপৰে গৰা খহি স্থানীয় ৰাইজৰ সৰ্বনাশ মাতি আনিছে যদিও ৰাইজৰ কাষত উপস্থিত হোৱা নাই স্থানীয় জনপ্ৰতিনিধি ৷ সম্প্ৰতি বেকী নদীয়ে বলাইপাথাৰ, কলগাছিয়া, খাৰবাল্লী লৈও তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷ শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধ নকৰিলে নৈৰ বুকুত আত্মজাহ দিয়াৰ বাহিৰে কোনো বিকল্প নাই বুলি মন্তব্য কৰিছে খহনীয়াগ্ৰস্ত লোকে ৷

লগতে পঢ়কঃ গুৱাহাটী উচ্চ ন্যায়ালয়ত ডেনিয়েল তপ্ন' হত্যাকাণ্ডৰ শুনানি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.