ETV Bharat / state

24 ঘণ্টা নহয়, 1 ঘণ্টাৰ বাবে বিদ্যুৎ বিচাৰি বৰপেটাত হাহাকাৰ - বৰপেটা

প্ৰহসনত পৰিণত চৰকাৰৰ ২৪ ঘণ্টা বিদ্যুৎ যোগান আঁচনি ৷ ৩ দিন ধৰি বিদ্যুৎ নথকাৰ বাবেই ৰাইজে ঘেৰাও কৰিলে কলগাছিয়া বিদ্যুৎ মাচুল সংগ্ৰহ কেন্দ্ৰ৷

24 ঘণ্টা নহয়, 1 ঘণ্টাৰ বাবে বিদ্যুৎ বিচাৰি হাহাকাৰ
author img

By

Published : Aug 14, 2019, 5:36 PM IST

বৰপেটা, 14 আগষ্ট: উৎকট গৰমে দহিছে ৰাজ্য। কিন্তু এই উৎকট গৰমৰ মাজতো বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত কলগাছিয়াৰ বালাৰপাথাৰ গাঁৱত বিগত তিনিদিন ধৰি নাই বিদ্যুৎ। লগতে বৃহত্তৰ কলগাছিয়া এলেকাত য'ত 5 মেগাৱাট বিদ্যুতৰ প্ৰয়োজন তাত মাত্ৰ 1.5 মেগাৱাট বিদ্যুতহে যোগান ধৰা হৈছে৷ যাৰ বাবে অঞ্চলটোত সঘনাই বিদ্যুতৰ লুকাভাকু চলি থাকে৷

24 ঘণ্টা নহয়, 1 ঘণ্টাৰ বাবে বিদ্যুৎ বিচাৰি হাহাকাৰ

বিগত কেইবা মাহ ধৰি বিদ্যুৎ সংকটত ভোগা অঞ্চলবাসীয়ে আজি কলগাছিয়াস্থিত বিদ্যুৎ মাচুল সংগ্ৰহ কেন্দ্ৰ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ বৃহত্তৰ কলগাছিয়া অঞ্চলত থকা ট্ৰেন্সফৰ্মাৰৰ ঠিকাদাৰে বিদ্যুৎ কৰ্তন কৰাৰ ফলত ৰাহি হোৱা বিদ্যুতৰে অন্য ঠাইত বিক্ৰী কৰি কমিচন খোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে৷ লগতে এখন গাঁৱত বিদ্যুতৰ সমস্যা হ'লে বৃহত্তৰ কলগাছিয়াবাসীক হাৰাশাস্তি দিয়াৰো অভিযোগ বহুদিনৰ পৰা উত্থাপন হৈ আহিছে৷

এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে স্মাৰকপত্ৰ দিয়াৰ পিছতো কোনো সুফল পোৱা নাই ৰাইজে৷ উপায়ন্তৰ হৈ ৰাইজে কলগাছিয়া বিদ্যুৎ মাচুল সংগ্ৰহ কেন্দ্ৰ ঘেৰাও কৰি এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ লগতে একাংশ উত্তেজিত ৰাইজে কাৰ্যালয়টোৰ ভিতৰত সোমাই আচবাব পত্ৰ ভঙাৰ ফলত এজন লোক আহত হয়৷

Intro:slug: as_jania_14aug_electricity_office_gherao_spl_pkg_vis3+byt3+pho1_asc10058

Anchor: ভেকভাওনাত পৰিণত চৰকাৰৰ ২৪ ঘণ্টা বিদ্যুৎ যোগান আঁচনি। ৩ দিন ধৰি বিদ্যুৎ নথকাৰ বাবেই ৰাইজে ঘেৰাও কৰিলে কলগাছিয়া বিদ্যুৎ মাচুল সংগ্ৰহ কেন্দ্ৰ। বিদ্যুৎ নিয়মীয়া কৰাৰ দাবীত প্ৰতিবাদ বিদ্যুৎ গ্ৰাহকৰ। উত্তপ্ত পৰিস্থিতি। ৰাইজে ভাংচুৰ কৰিলে আচবাব পত্ৰ। এজন আহত।Body:slug: as_jania_14aug_electricity_office_gherao_spl_pkg_vis3+byt3+pho1_asc10058

VO-1: উৎকট গৰমে দহিছে ৰাজ্য। এই উৎকট গৰমৰ মাজতো বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত কলগাছিয়াৰ বালাৰপাথাৰ গাঁওত বিগত তিনিদিন ধৰি নাই বিদ্যুৎ। লগতে বৃহত্তৰ কলগাছিয়া এলেকাত বিদ্যুতৰ আৱশ্যক ৫ মেঘা ৱাট, কিন্তু যোগান দিয়া হৈছে মাত্ৰ ১.৫ মেঘাৱাট। যাৰ বাবে সঘনাই চলি থাকে বিদ্যুতৰ লোকাভাকু। আজি গাঁওখনৰ ৰাইজে কলগাছিয়াস্থিত বিদ্যুৎ মাচুল সংগ্ৰহ কেন্দ্ৰ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্থ কৰে। বৃহত্তৰ কলগাছিয়া অঞ্চলত থকা ট্ৰেন্সফাৰ্মাৰৰ ঠিকদাৰে বিদ্যুৎ কৰ্তন কৰাৰ ফলত ৰাহি থকা বিদ্যুৎ অন্য ঠাইত বিক্ৰী কৰি কমিচন খোৱাৰ অভিযোগ উঠিছে। ইয়াৰ উপৰিও এটা গাঁওত বিদ্যুৎৰ সমস্যা হলে বৃহত্তৰ কলগাছিয়া অঞ্চলৰ বদ্যুত কৰ্তন কৰি ৰাইজক হাৰাশাস্তি কৰাৰো অভিযোগ দীৰ্ঘদিনীয়া। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে স্মাৰকপত্ৰ দিয়াৰ পিছতো কোনো সুফল পোৱা নাই ৰাইজে। যাৰ বাবে আজি ৰাইজে কলগাছিয়া বিদ্যুৎ মাচুল সংগ্ৰহ কেন্দ্ৰ ঘেৰাও কৰাৰ লগতে তীব্ৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ উত্তেজিত ৰাইজে কাৰ্যালয়টোৰ ভিতৰত সোমাই আচবাব পত্ৰ ভঙাৰ ফলত এজন লোক আহত হয়।Conclusion:slug: as_jania_14aug_electricity_office_gherao_spl_pkg_vis3+byt3+pho1_asc10058

Byte: প্ৰতিবাদকাৰী, মাচুল সংগ্ৰহ কেন্দ্ৰৰ কৰ্মচাৰী আৰু আহত ব্যক্তিৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছানৰ প্ৰতিবেদন, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.