ETV Bharat / state

ড্ৰাগছৰ বিৰুদ্ধে সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা - সৰ্থেবাৰীত ড্ৰাগছ বিৰোধী অভিযান

সৰ্থেবাৰী থানাৰ অন্তৰ্গত কুকাৰপাৰৰ পৰা মঙলবাৰে নিশা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ সহ দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় । জব্দ কৰা ড্ৰাগছ খিনিৰ আনুমানিক মূল্য ৩ লাখ টকা হ'ব বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে ।

drugs peddler arrest
ড্ৰাগছৰ বিৰুদ্ধে সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা
author img

By

Published : May 26, 2021, 6:12 PM IST

বৰপেটা, ২৬মে': ৰাজ্যৰ চাৰিওফালে সষ্টম হৈছে অসম আৰক্ষী । প্ৰতিখন জিলাতে চলিছে আৰক্ষীৰ বিভিন্ন ধৰণৰ অভিযান । এইবাৰ বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষীৰ এক সফল অভিযান । সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জন বড়োৰ নেতৃত্বত মঙলবাৰে নিশা চলিছিল ড্ৰাগছ বিৰোধী অভিযান ।

গোপন খবৰৰ ভিত্তিত চলোৱা অভিযানত সৰ্থেবাৰী থানাৰ অন্তৰ্গত কুকাৰপাৰৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় । ধৃত যুৱক দুজন কুকাৰপাৰৰ চৰিফুদ্দিন আৰু ফৰিদুল আলী বুলি জানিব পৰা গৈছে ।

ড্ৰাগছৰ বিৰুদ্ধে সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা

১১টাকৈ চাবোনৰ বাকচত ভৰাই ৰখা অৱস্থাত চৰিফুদ্দিনৰ ঘৰৰ পৰা ১৪২ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰ জব্দ কৰে সৰ্থেবাৰী আৰক্ষীয়ে । জব্দ কৰা ড্ৰাগছ খিনিৰ আনুমানিক মূল্য ৩ লাখ টকা হ'ব বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে ।

ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত ধৃত দুয়োগৰাকী যুৱকৰ বিৰুদ্ধে সৰ্থেবাৰী আৰক্ষীয়ে নম্বৰত নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰে আৰু বুধবাৰে বৰপেটা আদালতত হাজিৰ কৰোৱা হয় যুৱক দুজনক ।

লগতে পঢ়ক:ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ত স্থাপন বিশেষ টেলিফোনিক সহায়ক কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.